অসম

assam

ETV Bharat / state

সত্ৰীয়া পৰম্পৰাৰে বৰপেটাত পুহৰ সংক্ৰান্তিত পালন ভোগালীৰ উৰুকা - Bihu celebration with satriya tradition

আজি পুহৰ সংক্ৰান্তি ৷ ৰাজ্যবাসীয়ে উদযাপন কৰিছে মাঘ বিহু ৷ কিন্তু ইয়াৰ ব্যতিক্ৰম সত্ৰনগৰী বৰপেটা ৷ বৰপেটা সত্ৰৰ লগতে জিলাখনৰ বহুকেইখন গাঁৱত সংক্ৰান্তিৰ দিনটোত উৰুকা উদযাপন কৰা হৈছে ৷ প্ৰাচীন সত্ৰীয়া পৰম্পৰা অনুসৰি কাইলৈ অৰ্থাৎ পহিলা মাঘত উদযাপন কৰা হ’ব বিহু (Bhogali Bihu celebration at Barpeta) ৷

Bhogali Bihu at Barpeta
সত্ৰীয়া পৰম্পৰাৰে বৰপেটাত আজি পালন কৰা হৈছে ভোগালীৰ উৰুকা

By

Published : Jan 14, 2022, 7:27 PM IST

Updated : Jan 14, 2022, 10:47 PM IST

বৰপেটা, ১৪ জানুৱাৰী: বৃহস্পতিবাৰে ৰাজ্যজুৰি পালন কৰা হয় উৰুকা ৷ উৰুকাৰ পিছত শুকুৰবাৰে ভোগালী বিহুৰ পুৱা মেজিৰ জুইত সেৱা লয় অসমীয়াই ৷ পিছে শতিকা প্ৰাচীন সত্ৰীয়া পৰম্পৰা অনুসৰি সত্ৰনগৰী বৰপেটাকে ধৰি জিলাখনৰ বহু সত্ৰত আজিহে পালন কৰা হৈছে মাঘ বিহুৰ উৰুকা (Bhogali Bihu celebration at Barpeta) ৷

আজি বৰপেটা, বহৰি, ভৱানীপুৰ, মৈৰামাৰা, হাউলী, সুন্দৰীদিয়া, পাটবাউসী, জনীয়া, গজিয়া, বাৰাদি, কেওটকুছি, মৌটুপুৰী আদি শতাধিক গাঁৱৰ সত্ৰবাসী ৰাইজে পালন কৰিছে ভেগালীৰ উৰুকা ৷ উৰুকা উপলক্ষে বৰপেটা সত্ৰৰ কীৰ্তন ঘৰৰ টুপৰ চোতালত মেজি নিৰ্মাণ কৰা হয় ৷ বৰপেটা সত্ৰত উৰুকা উপলক্ষে গায়ন-বায়নে সত্ৰৰ মঠৰ চোতালত ঘোষা-কীৰ্তন আৰু ব্যাস-কীৰ্তন পৰিবেশন কৰে ৷ সত্ৰৰ হাটীসমূহত ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰে ডেকা-বুঢ়া সকলো ৷

সত্ৰীয়া পৰম্পৰাৰে বৰপেটাত আজি পালন কৰা হৈছে ভোগালীৰ উৰুকা

পৰম্পৰা অনুসৰি বৰপেটাত বিৰিণা, নল খাগৰি, কহুৱা আদিৰে ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰা হয় ৷ মেজি অথবা ভেলাঘৰ নিৰ্মাণৰ ক্ষেত্ৰত এতিয়াও আধুনিকতাক আদৰি লোৱা নাই সত্ৰবাসীয়ে ৷ ভোগালীৰ উৰুকাৰ মেজি বা ভেলাঘৰ নিৰ্মাণৰ ক্ষেত্ৰতো পৰম্পৰাকেই সাৱটি আছে সত্ৰবাসীয়ে (Bihu celebration with satriya tradition)৷

সত্ৰনগৰী বৰপেটাত সত্ৰীয়া পৰম্পৰা অনুসৰি পূণ্যমাহ হিচাপে মাঘ মাহতহে মেজি প্ৰজ্বলন কৰি অগ্নি সেৱা কৰাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে ৷ পাঁচদিনীয়াকৈ পালন কৰা মাঘ বিহুৰ পৰম্পৰা অনুসৰি আজি উৰুকা পালন কৰি কাইলৈ পহিলা মাঘৰ দিনটোত মেজি প্ৰজ্বলনেৰে অগ্নিদেৱতাক সেৱা জনাব সত্ৰনগৰী বৰপেটাৰ লগতে জিলাখনৰ শতাধিক গাঁওবাসীয়ে ৷

সত্ৰীয়া পৰম্পৰা অনুসৰি 1 মাঘৰ পুৱা সত্ৰৰ ভকতসকলে বৰপেটা সত্ৰৰ টুপৰ চোতালত মেজি প্ৰজ্বলিত কৰাৰ পিছতেই সত্ৰনগৰীৰ হাটীসমূহত নিৰ্মাণ কৰা মেজিসমূহ প্ৰজ্বলিত কৰা হ’ব ৷ আনহাতে বৰপেটাত উৰুকাৰ ভোজভাতৰ লগতে বিশেষভাৱে জনপ্ৰিয় ভোজন হ’ল আলু ভজা ৷ বৰপেটাৰ স্থানীয় ভাষাত যাক কোৱা হয় গাতাৰ আলু ভাজা ৷ বৰপেটাত ভেলাঘৰ নিৰ্মাণৰ লগে লগে সেয়ে হাটীৰ যুৱকসকলে সন্ধিয়াৰ পৰাই আলু ভজাৰ কামত ব্যস্ত হৈ পৰে ৷

লগতে পঢ়ক:People celebrating Bhogali Bihu : মাজুলীত মাঘৰ উৎসাহ

Last Updated : Jan 14, 2022, 10:47 PM IST

ABOUT THE AUTHOR

...view details