জনীয়া, 25 জুন :বৰপেটাত বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে । কিন্তু এতিয়াও পানীত আবদ্ধ হৈ আছে হেজাৰ হেজাৰ পৰিয়াল । বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ সত্ৰকনৰা ১৫ নং ছিটৰ মিলিজুলি পাৰঘাট বজাৰত গৰাখহনীয়াত গৃহহীন হৈছে প্ৰায় ৩৭ টা পৰিয়াল । ভেলেঙী নৈৰ কোৱাল সোঁত আৰু বানত বিগত তিনিদিনত নৈখনৰ গৰাখহনীয়াৰ ফলত ৩৭ টা পৰিয়ালৰ মাটি-ভেঁটি নৈৰ বুকুত জাহ গৈছে(Bhelengi river erosion at Jania) ।
বান আৰু গৰাখহনীয়াত সকলো হেৰুৱাই এতিয়া ভোকে-অনাহাৰে পথৰ ওপৰত আশ্ৰয় লৈছে এইসকল লোকে । অন্ন আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ভুক্তভোগী ৰাইজে । এই ক্ষেত্ৰত ভুক্তভোগী দুৰ্ভগীয়া ৰাইজে স্থানীয় প্ৰশাসন আৰু বিধায়ক শ্বেৰমান আলীক অৱগত কৰাৰ পিছতো তেওঁলোকে খবৰ ল’বলৈ অহা নাই বুলি অভিযোগ কৰিছে ৰাইজে ।