জনিয়া, 28 মাৰ্চ:বিজেপি চৰকাৰৰ শ্ৰম বিৰোধী আৰু জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবীত ২৮-২৯ মাৰ্চত দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছিল কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চই (Strike against BJP government's policies) ৷ এই বন্ধৰ অংশ হিচাপে বৰপেটা জিলাৰ কলগাছিয়াত সোমবাৰে পুৱা ৰাজপথলৈ ওলাই আহে একাংশ বন্ধৰ সমৰ্থক ৷
বন্ধৰ সমৰ্থকসকলে দেশজোৰা ধৰ্মঘটৰ অংশ হিচাপে চকা বন্ধ কাৰ্যসূচী পালন কৰে (CTU Bharat bandh) ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কলগাছিয়া মটৰ শ্ৰমিক ইউনিয়নে ৷ কলগাছিয়াৰ খৰিচালা, বামুণটাৰী, লাংলা, বৰভিটা, মইনবড়ী, বালাগাঁও আদি এলেকাত ভাৰত বন্ধৰ সমৰ্থকসকলে স্বতঃস্ফূৰ্তভাৱে সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখে ৷ ইফালে স্থানীয় আৰক্ষীয়ে বন্ধৰ সমৰ্থকসকলক আটক কৰি থানালৈ (Bharat bandh supporters detained in Kalgachia) নিয়ে ৷