অসম

assam

ETV Bharat / state

আজি ভাৰত বন্ধঃ ৰাজ্যৰ ঠায়ে-ঠায়ে সৰ্বাত্মক প্ৰভাৱ - Bharat bandh at Jorhat

Bharat Bandh impact on Assam
আজি ভাৰত বন্ধঃ ৰাজ্যৰ ঠায়ে-ঠায়ে সৰ্বাত্মক প্ৰভাৱ

By

Published : Jan 8, 2020, 9:17 AM IST

Updated : Jan 8, 2020, 3:23 PM IST

15:14 January 08

আমিনগাঁও আৰু কৰিমগঞ্জত প্ৰতিবাদ

আমিনগাঁও আৰু কৰিমগঞ্জতো প্ৰতিবাদ

আমিনগাঁও,8 জানুৱাৰীঃ আমিনগাঁওতো কামৰূপ জিলা CITU ৰ দেশজোৰা সাধাৰণ ধর্মঘট । আমিনগাঁও ৰ ৰপ্তানিমুখি উদ্যোগিক পমাৰ সম্মুখত বিক্ষোভ প্ৰদৰ্শন CITUৰ | প্ৰায় শতাধিক CITUকৰ্মী আৰু বিভিন্ন পমাৰ কৰ্মী সকলে আমিনগাঁওৰ ৰপ্তানিমুখী ঔদ্যোগিক পামৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷

সমান্তৰালকৈ, কৰিমগঞ্জতো দেখা গ’ল বন্ধৰ প্ৰভাৱ ৷ বন্ধৰ সমৰ্থক সকলে এক জোৰ সমদল উলিয়াই উপায়ুক্তৰ কাৰ্যলয়ত উপস্থিত হয় ৷

14:53 January 08

ডুমডুমাত চাহ শ্ৰমিক সন্থাৰ প্ৰতিবাদ

ডুমডুমা,8 জানুৱাৰীঃদেশজোৰা সাধাৰণ ধৰ্মঘটত অসম চাহ মজদুৰ সংঘই বাগিচা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷  বাগিচা বন্ধৰ কাৰ্যসূচীৰ ফলত  চাহ নগৰী ডুমডুমাৰ প্ৰায় ৬০ খন বাগিচাৰ কাম-কাজ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । বিজেপি চৰকাৰৰ বিভিন্ন শ্ৰমিক বিৰোধী নীতি বাতিল কৰা, জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবী, চাহ শ্ৰমিকৰ হাজিৰা ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ জনগোষ্ঠীক ভূমি পাট্টা প্ৰদান কৰা, ক্ষুদ্ৰ চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণ কৰা আদিৰ লগতে ১৩ দফিয়া দাবীত বাগিচা বন্ধৰ এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । 

14:51 January 08

কলগাছিয়াত বন্ধৰ প্ৰভাৱ

কলগাছিয়াত প্ৰতিবাদ

কলগাছিয়া,7 জানুৱাৰীঃনাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে CITU কে ধৰি দহটা সংগঠনে আহ্বান কৰা সৰ্ব ভাৰতীয় ধৰ্মঘটৰ প্ৰভাৱ পৰা দেখা গৈছে কলগাছিয়া চহৰত ৷ চহৰ খনৰ সৰু বৰ সকলো দোকান পোহাৰ বন্ধ ৰাখি ৰাইজে ৰাজপথত টায়া জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ 

14:33 January 08

ধুবুৰীত বন্ধৰ প্ৰভাৱ

ধুবুৰীতো পৰিল বন্ধৰ প্ৰভাৱ

ধুবুৰী,8 জানুৱাৰীঃ ধুবুৰীতো গেখা গ’ল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৷ বুধবাৰে গোৱালপাৰা সংমণ্ডলৰ ধুবুৰীস্থিত মুখ্য কাৰ্য্যালয় বন্ধ কৰি পালন কৰা সৰ্বাত্মক ধৰ্মঘট কাৰ্য্যসূচী । উল্লেখ্য যে, চৰকাৰে দাবী পূৰণ নকৰালৈকে এইদৰে গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন অব্যাহত থাকিব বুলি উল্লেখ কৰে ডাক কৰ্মচাৰী সকলে ৷

14:22 January 08

আজি ভাৰত বন্ধঃ ৰাজ্যৰ ঠায়ে-ঠায়ে সৰ্বাত্মক প্ৰভাৱ

গুৱাহাটীত উৰিল ক’লা পতাকা

গুৱাহাটী,8 জানুৱাৰীঃগুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত JNU কাণ্ডৰ প্ৰতিবাদ ৷ বুধবাৰে গুৱাহাটীৰ ঠায়ে ঠায়ে এই ঘটনাৰ প্ৰতিবাদ স্বৰূপে উৰিল কলা পতাকা ৷ কটন বিশ্ববিদ্যালয়ৰ মুখ্যদ্বাৰৰ লগতে মালিগাঁওস্থিত ৰে'লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত উৰুৱা হ'ল পতাকা ৷

13:59 January 08

আজি ভাৰত বন্ধঃ ৰাজ্যৰ ঠায়ে-ঠায়ে সৰ্বাত্মক প্ৰভাৱ

ডিমা হাছাওত বন্ধ

ডিমা হাছাও,8 জানুৱাৰীঃ পাহাৰীয়া জিলা ডিমা হাছাওতো দেখা গ’ল ভাৰত বন্ধৰ প্ৰভাৱ ৷ বন্ধ সফল কৰাৰ বাবে জিলাখনৰ অংগনবাডী সহায়িকা সকল পুৱাৰে পৰা সক্ৰিয় হৈ উঠে ৷ বন্ধৰ ফলত হাফলং চহৰৰ বজাৰ,দোকান-পোহাৰৰ লগতে যানবাহনৰ চলাচলো বন্ধ হৈ পৰে ৷ 

13:33 January 08

যোৰহাট আৰু গোলাঘাটত বন্ধৰ প্ৰভাৱ

যোৰহাট গোলাঘাটত প্ৰতিবাদ

যোৰহাট, গোলাঘাট, 8 জানুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰখনে স্বৈৰাচাৰী ভাৱে যি শ্ৰমিক বিৰোধী আৰু জন বিৰোধীৰ লগতে সংবিধান বিৰোধী আইন অসমত জাপি দিব বিচাৰিছে সেই আইন বাতিলৰ দাবীত  সমগ্ৰ দেশৰ লগতে নুমলীগড়তো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ গোলাঘাট নুমলীগড় শোধনাগাৰৰ মুখ্য দ্বাৰৰ সন্মুখত কেইবাটাও শ্ৰমিক সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ নুমলীগড় ৰিফাইনেৰি ৱৰকাৰ্ছ ইউনিয়ন , নুমলীগড় ওৱেল্ডিং এছচিয়েছন, প্ৰেট্ৰলিয়াম মজদুৰ ইউনিয়ন আৰু চালক সন্থাকে ধৰি কেইবাটাও দল সংগঠনৰ লগত শ্ৰমিক সকলে এই প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠন সমূহে এই প্ৰতিবাদত অংশগ্ৰহণ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনক তীব্ৰ সমালোচনা কৰে৷

ইপিনে যোৰহাটতো সংশোধিত নাগৰিকত্ব আইন বাতিল তথা জনস্বাৰ্থ বিৰোধী নীতি গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া আইনৰ বিৰুদ্ধে ট্ৰেড ইউনিয়ন আৰু বাওঁপন্থী দলে আহ্বান জনোৱা সাধাৰণ ধৰ্মঘটে বাৰুকৈয়ে প্ৰভাৱ পেলাইছে৷ জিলাখনত ইতিমধ্যে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, লঘু আৰু গধুৰ যানবাহনৰ চলাচল বন্ধ হৈ পৰিছে৷ আনহাতে সমগ্ৰ ৰাজ্যতে চিটুৰ অন্তৰ্গত সকলো সংগঠনে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ ইয়াৰোপৰিও যোৰহাট চহৰৰ মাজৰে চিটুৰ এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয় ৷ সংগঠনটোৱে চহৰখনৰ মাজেৰে প্ৰতিবাদী সমদল কৰি আহি চহৰখনৰ বিভিন্ন স্থানত প্ৰতিবাদী পথ সভা অনুষ্ঠিত কৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে জনতাক অৱগত কৰে৷ উল্লেখ্য যে বন্ধৰ সময়ছোৱাত যোৰহাট চহৰখনত শান্তিপূৰ্ণ পৰিৱেশ দেখা পোৱা যায় ৷

08:06 January 08

আজি ভাৰত বন্ধঃ ৰাজ্যৰ ঠায়ে-ঠায়ে সৰ্বাত্মক প্ৰভাৱ

গুৱাহাটীত উৰিল ক’লা পতাকা

নগাঁও,8 জানুৱাৰীঃবুধবাৰে পুৱাৰ পৰা নগাওঁ চহৰৰ সকলো দোকান পোহাৰ বন্ধ ৰখাৰ উপৰিও ৰাজপথো একপ্ৰকাৰ জনশূন্য পৰিলক্ষিত হয় ৷ আনহাতে, জিলাখনত  বন্ধৰ সমৰ্থনত ওলাই অহা মহিলাসহ ১১ গৰাকীকৈ বন্ধৰ সমৰ্থকক আটক কৰে আৰক্ষীয়ে ৷

Last Updated : Jan 8, 2020, 3:23 PM IST

ABOUT THE AUTHOR

...view details