মথুৰাপুৰী বুঢ়া আতা ৰংগক্ষেত্ৰত ভাওনা সমাৰোহ বৰপেটা, ২৮ জানুৱাৰী:মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ লগতে আতাপুৰুষসকলে প্ৰতিষ্ঠা কৰি থৈ যোৱা সত্ৰীয়া সংস্কৃতিৰ সোণসেৰীয়া ঐতিহ্যৰ এক অন্যতম উল্লেখযোগ্য সৃষ্টি হ'ল অংকীয়া ভাওনা (Bhaona Samaroh start in Barpeta) ৷ সত্ৰীয়া সংস্কৃতিৰ বৰপীঠ বৰপেটাত শনিবাৰৰ পৰা আৰম্ভ হৈছে ভাওনা সমাৰোহ ৷ বৰপেটা সত্ৰৰ সহযোগত শংকৰী সাংস্কৃতিক ভাওনা দলে মথুৰাপুৰী বুঢ়া আতা ৰংগক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ভাওনা সমাৰোহ উপলক্ষে আজি মথুৰাপুৰী বুঢ়া আতা ৰংগক্ষেত্ৰৰ দ্বাৰ উন্মোচন কৰে বিজনী সত্ৰৰ সভাপতি প্ৰদীপ বায়নে (Mathurapuri Burha Aata Rangakshetra) ৷ ইয়াৰ পিছতে ভাওনা সমাৰোহ সমিতিৰ ধ্বজা উত্তোলন কৰে ভাওনা সমাৰোহ সমিতিৰ সভাপতি তথা বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে ।
আনহাতে, শংকৰী সাংস্কৃতিক ভাওনা দলৰ ধ্বজা উত্তোলন কৰে শংকৰী সাংস্কৃতিক দলৰ সভাপতি মৃগেন্দ্ৰ নাথ তালুকদাৰে ৷ ইয়াৰ পিছত মথুৰাদাস বুঢ়া আতা ৰংগক্ষেত্ৰত অস্থায়ী গুৰু আসন প্ৰতিষ্ঠা কৰা হয় ৷ এই গুৰু আসনখন প্ৰতিষ্ঠা কৰে বৰপেটা সত্ৰৰ নাৰায়ণ দাস আতৈ বুঢ়াভকতে ৷ গুৰু আসন প্ৰতিষ্ঠা কৰাৰ পিছত ভাওনাস্থলীত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে প্ৰসংগ কৰে ৷ ইপিনে, স্মৃতি তৰ্পণ কৰে ভাওনা সমাৰোহৰ কাৰ্যকৰী সভাপতি ড৹ বাবুল চন্দ্ৰ দাস আৰু বৰপেটা সত্ৰৰ সম্পাদক প্ৰভাত চন্দ্ৰ দাসে ৷
উল্লেখ্য় যে সত্ৰনগৰী বৰপেটাৰ নৱ প্ৰজন্মৰ মাজত সত্ৰীয়া সংস্কৃতি চৰ্চা তথা ভাওনাৰ প্ৰচাৰ প্ৰসাৰৰ বাবে বৰপেটা সত্ৰ আৰু শংকৰী ভাওনা দলে অনুষ্ঠিত কৰিছে এই ভাওনা সমাৰোহ ৷ ভাওনা সমাৰোহত আজি পদ্ম হাজৰিকাৰ পৰিকল্পনাত গঠন হোৱা চতিয়া ভাওনা দলে ভাওনা পৰিবেশন কৰিব ৷ নহাটীস্থিত বৰপেটা সত্ৰৰ বাছ আস্থানৰ সমীপত মথুৰাদাস বুঢ়া আতা ক্ষেত্ৰত অনুষ্ঠিত এই ভাওনা সমাৰোহখনি ১২ লাখ টকীয়া বাজেটেৰে আয়োজন কৰা হৈছে । তিনিদিনীয়াকৈ আৰম্ভ হোৱা ভাওনা সমাৰোহত পাঁচখন ভাওনা প্ৰদৰ্শন কৰা হ'ব বুলি আয়োজক সমিতেয়ে সদৰী কৰিছে ৷
ভাওনা সমাৰোহ সমিতিৰ সভাপতি তথা বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে সদৰী কৰা মতে, শনিবাৰে আবেলি ৫.৩০ বজাত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জীৱনভিত্তিক এনিমেচন চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব (Animation films on Sri Sri Madhavadeva) ৷ ইয়াৰ পিছতে প্ৰথম দিনৰ ভাওনা চতিয়া জামুগুৰিৰ ভৰালীপৰীয়া কন্যকা বহুমুখী কৃষিপাম দলে পৰিবেশন কৰিব 'কৰ্ণপৰ্ব '৷ আনহাতে ,অহা ২৯ জানুৱাৰীৰ সন্ধিয়া প্ৰথমখন ভাওনা 'ভোজন বেহাৰ' পৰিবেশন কৰিব সুন্দৰীদিয়া সত্ৰই ৷ ইয়াৰ পিছতেই যোৰহাটৰ টীয়কৰ মণিকূট নাট্যগোষ্ঠীয়ে "শ্ৰীশ্ৰীৰাম পৰাজয় সীতাৰ পাতাল গমন" ভাওনা প্ৰদৰ্শন কৰিব বুলি আয়োজকসকলে সদৰী কৰিছে ৷
লগতে পঢ়ক:BJP will defeat Ajmal from Dhubri: এইবাৰৰ লোকসভাত ধুবুৰীৰ পৰা আজমলক পৰাভূত কৰিব বিজেপিয়ে, কলে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই