বৰপেটা, ২৭ ফেব্ৰুৱাৰী: হৰিনামৰ ধ্বনিৰে মুখৰ বৰপেটাৰ নসত্ৰস্থিত কৃষ্ণ গুৰু সেৱাশ্ৰম । ভক্তিভাৱত বিলীন হৈছে ভকত-বৈষ্ণৱ । যোৱা ২০ ফেব্ৰুৱাৰীৰ পৰা কৃষ্ণ গুৰু সেৱাশ্ৰমত অনুষ্ঠিত হোৱা কৃষ্ণ গুৰু অখণ্ড নাম-কীৰ্তনৰ আজি অন্তিম দিন ।
ভকত মিলন অনুষ্ঠানৰ অন্তিম দিনটোত কৃষ্ণ গুৰু সেৱাশ্ৰমত হাজাৰ হাজাৰ ভকতৰ সমাগম হয় । সামৰণি অনুষ্ঠানত গুৰু বাক্য প্ৰদান কৰি কৃষ্ণ গুৰু সেৱাশ্ৰমৰ আধ্যত্মিক গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে কয় যে, আধ্যাত্মিক জ্ঞানে মানুহক সংযমী কৰে ।