পাঠশালা, 28 আগষ্ট :সমষ্টিৰ প্ৰতিজন ভোটাৰৰ মনৰ মাজত এতিয়া হেনো সোমাই পৰিছে ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰ ৷ সমষ্টিবাসীৰ মাজত থকা নিজৰ জনপ্ৰিয়তা সন্দৰ্ভত প্ৰচুৰভাৱে আত্মবিশ্বাসী বিধায়ক গৰাকী ৷ এই আত্মবিশ্বাসৰ ভিত্তিতেই সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰি বিধায়ক গৰাকীয়ে ক’লে, তেওঁৰ সৈতে এতিয়া সংখ্যালঘূ মুছলমান, হিন্দু বাঙালী, বড়ো জনজাতিৰ লোক আদি সকলোৰে সমৰ্থন আছে ৷ এক কথাত এই দাবীৰে উপ-নিৰ্বাচন(by election)ত প্ৰতিদ্বন্দিতা কৰাৰ ইংগিত দিলে তালুকদাৰে ৷
প্ৰায় সকলো জনগোষ্ঠীৰ লোকৰ সমৰ্থন থকাৰ কথা কৈ উপ-নিৰ্বাচনত অৱতীৰ্ণ হ’লে যে তেওঁ চিন্তা কৰিব লগীয়া বিশেষ নাই, সেই কথাকেই প্ৰকাশ কৰিলে বিধায়ক গৰাকীয়ে ৷ মাত্ৰ দুই-তিনিটা দিনৰ ভিতৰতে তেওঁৰ বিজেপি গমন সন্দৰ্ভত থকা ডাৱৰ আঁতৰাৰো ইংগিত দি তেওঁ সাংবাদিক সকলক মাথো দুই তিনি দিন অপেক্ষা কৰিবলৈ আহ্বান জনায় ৷ আওপকিয়াকৈ এ আই ইউ ডি এফৰ বিধায়ক পদ ত্যাগ কৰি বিজেপি গমণৰ ইংগিত দিয়া বিধায়ক গৰাকীয়ে এই মুহুৰ্তত সমষ্টিটোৰ বিভিন্ন অঞ্চলৰ বিভিন্ন ৰোগীলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ কৰাত ব্যস্ত আছে ৷