বৰপেটা, ৯ মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ গতিত চলিছে মিছন বসুন্ধৰাৰ কাম । মিছন বসুন্ধৰাৰ কামত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে উপায়ুক্ত তথা অতিৰিক্ত উপায়ুক্ত সকলে । ইয়াৰ মাজতে আহিল এক ভাল খবৰ । বৰপেটা জিলা ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত খনিন দাসলৈ শ্ৰেষ্ঠত্বৰ সন্মান(Best ADC award to Khanin Das) ।
যোৱা ২১ ফেব্ৰুৱাৰী ২০২২ তাৰিখে বৰপেটা জিলা ৰাজহ বিভাগৰ (Barpeta district revenue department ) অতিৰিক্ত উপায়ুক্ত হিচাপে যোগদান কৰিছিল । তেতিয়াৰে পৰা প্ৰায় আঢ়ৈ মাহতে দিন-ৰাতি একাকাৰ কৰি মিছন বসুন্ধৰাৰ প্ৰায় সংখ্যক কাম সমাধান কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷