অসম

assam

ETV Bharat / state

বাৰিষাৰ পূৰ্বেই ভয়াবহ ৰূপ লৈছ বেকী নৈয়ে

বাৰিষাৰ পূৰ্বেই ভয়াবহ ৰূপ লৈছ বেকী নৈয়ে । নৈৰ বুকুত জাহ গৈছে নৈপৰীয়া ৰাইজৰ সপোনৰ ঘৰখন (Beki river has taken terrible turn ahead of monsoon) । নৈপৰীয়াৰ খবৰ ল'বলৈ আহৰি নাই জন প্ৰতিনিধিৰ ।

dengerous erosion at kalgasia pwd road
চপৰা চপৰে খহিছে গৰা: বেকী নৈৰ কালৰূপ

By

Published : Apr 5, 2022, 10:09 PM IST

কলগাছিয়া,৫ এপ্ৰিল:বাৰিষা অহাই নাই, কিন্তু ক্ৰমাৎ বৃদ্ধি পাইছে বেকী নৈৰ নৈপৰীয়া ৰাইজৰ চিন্তা (Beki river has taken terrible turn ahead of monsoon) । কিয়নো বাৰিষাৰ অহাৰ পূৰ্বেই কালৰূপ ধাৰণ কৰিছে বেকী নৈয়ে । চপৰা চপৰে খহিছে বেকী নৈৰ গৰা । লোক নিৰ্মাণ বিভাগৰ পকী পথলৈও নামিছে ভাবুকি ।

এনে সময়ত কলগাছিয়াত বেকী নৈৰ গৰাখহনীয়াই নিদ্ৰা হৰিছে নৈপৰীয়া ৰাইজৰ । ইতিমধ্যে খহনীয়াৰ কৱলত পৰিছে কলগাছিয়াৰ শওপুৰৰ এটি পকী পথ । নৈৰ বুকুত জাহ গৈছে কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ । তৎসত্বেও কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিৰ ।

চপৰা চপৰে খহিছে গৰা: বেকী নৈৰ কালৰূপ

শেহতীয়াকৈ সোমবাৰে নিশা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত নদীত হোৱা ভয়াবহ খহনীয়াত প্ৰায় জাহ যোৱাৰ উপক্ৰম হৈছে পকী পথটিৰ । ইতিমধ্যে খহনীয়াৰ কৱলত পৰি ফাঁট মেলিছে পকী পথছোৱাৰ বহুকেইটা অংশ । প্ৰশাসনক অৱগত কৰাৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

নিৰুপায় জনতাই নৈৰ কাষৰ ঘৰ-দুৱাৰ ভাঙি ঢাপলি মেলিছে নিৰাপদ স্থানলৈ । ইফালে প্ৰশাসন তথা জনপ্ৰতিনিধিৰ অমনোযোগিতাৰ বাবে ক্ষুব্ধ হৈ পৰিছে ভুক্তভোগী নৈপৰীয়া ৰাইজ । শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:মঙলবাৰে মাজুলীত অমংগল, ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত জপিয়ালে যুৱকে

ABOUT THE AUTHOR

...view details