অসম

assam

ETV Bharat / state

বেকী নৈৰ বানে বিপৰ্যস্ত কৰিছে কলগাছিয়াৰ জনজীৱন

কলগাছিয়াৰ ৰাজপথৰ ওপৰেৰে চলিছে নাও ৷ কিয়নো বেকী নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে কলগাছিয়াৰ বিস্তৰ অঞ্চল ৷ খাদ্যৰ সংকটে দেখা দিছে পশুধনৰ মাজত ৷ বিধ্বস্ত কৰিছে শ শ লোকৰ জনজীৱন ৷

বেকী নৈৰ বান
বেকী নৈৰ বান

By

Published : Jul 12, 2020, 4:12 PM IST

কলগাছিয়া, 12 জুলাইঃক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে বেকী নৈৰ জলপৃষ্ঠ ৷ ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰিছে বেকী নৈৰ বাঢ়নী পানীয়ে ৷ যাৰ ফলত জলমগ্ন হৈ পৰিছে কলগাছিয়াৰ বিস্তৰ অঞ্চল ৷ বানত বুৰিছে শ শ লোকৰ ঘৰ-বাৰী, কৃষিভূমি ৷ বাঢ়নী পানীয়ে যদি কাৰোবাৰ ঘৰৰ মুধচ পাইছে, আনহাতে আকৌ কোনোৱে পানীৰ ওপৰতে চাং সাজিয়েই কৰি আছে জীৱন-যাপন ৷ খাদ্যৰ সংকটে দেখা দিছে পশুধনৰ মাজত ৷ বাঢ়নী পানীয়ে বহু লোকৰে হাঁহ কুকুৰা উটুৱাই নিয়াৰ সমান্তৰালকৈ , সম্প্ৰতি খাদ্য আৰু নিৰাপদ স্থানৰ সংকটে দেখা দিছে পোহনীয়া জন্তুৰ মাজত ৷

বেকী নৈৰ বানে বিপৰ্যস্ত কৰিছে কলগাছিয়াৰ জনজীৱন

কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বান পৰিস্থিতিয়ে এতিয়া দিশহাৰ কৰিছে কলগাছিয়াৰ শ শ পৰিয়ালক ৷ নিৰাপদ আশ্ৰয়স্থলৰ অভাৱত কোনো কোনোৱে থকিবলগীয়া হৈছে ৰাজপথতে বাহৰ পাতি ৷ বেকী নৈৰ বানে কালৰূপ ধাৰণ কৰিছে কলগাছিয়াৰ লগতে, জনিয়া সমষ্টিৰ কাউৰজাহী, বলাইপাথাৰ, খাৰবাল্লী আৰু কাচুকাটি অঞ্চলত ৷ ছলোবজাৰ, ইছব বজাৰ আদি অঞ্চল ভৰি পৰিছে একাঠুকৈ পানীৰে ৷ বুৰ গৈছে বাট পথো ৷ ৰাজপথৰ ওপৰেৰে চলিছে নাও ৷ খোৱা পানীকে ধৰি খাদ্য আৰু আশ্ৰয় স্থলৰ সংকটত পৰিছে শ শ জনজীৱন ৷ বান সাহায্যটো দূৰৰে কথা, এই পৰ্যন্ত এগৰাকীও জন প্ৰতিনিধি সেই বানাক্ৰান্ত অঞ্চলত উপস্থিত হৈ খবৰ লোৱা নাই বানাক্ৰান্ত লোকৰ ৷ এই অভিযোগ উত্থাপন কৰিছে বৃহত্তৰ অঞ্চলৰ বানাক্ৰান্ত ৰাইজে ৷

ঘৰৰ মুধচ পাইছে বাঢ়নী পানী

লগতে পঢ়কঃকামপুৰত কপিলী আৰু বৰপানীৰ নৈৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details