অসম

assam

বেকী নদীৰ চতুৰ্থটো বানৰ সংহাৰী ৰূপ

By

Published : Jul 23, 2020, 10:20 AM IST

বছৰটোৰ চতুৰ্থটো বানত বিধ্বস্ত কলগাছিয়া-লাচাংগা সংযোগী গ্ৰাম্য পথ । পানীৰ তলত শ শ হেক্টৰ কৃষিভূমি । বেকী নৈৰ বাঢ়নী পানীৰ কোবাল সোঁতে উঠাই নিলে কেইবাটাও বাসগৃহ আৰু বিদ্যালয়ৰ ভেটি-মাটি । চৌদিশে হাহাকাৰ পৰিস্থিতি ।

beki-river-flood-critical-situation-at-kalgasia
বেকী নদীৰ চতুৰ্থটো বানৰ সংহাৰী ৰূপ ধাৰণ

জনীয়া,23জুলাইঃ ৰাজ্যত মহামাৰী কৰা‘ণ ভাইৰাছ আৰু প্ৰলয়ংকাৰী বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ তাৰ মাজতে একেৰাহে চতুৰ্থটো বেকী নৈৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰি কলগাছিয়া অঞ্চলৰ লাচাংগা, মোৱামাৰী, বৰডাংগা, কামাৰপাৰা, সুতিৰপাথাৰ, খাৰবাল্লী অঞ্চলৰ অৰ্ধশতাধিক গাওঁ প্লাৱিত কৰিছে ৷ বিধস্ত হৈ পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ গ্ৰাম্য পথ । বেকী নৈৰ পানীৰ কোবাল সোঁতে কলগাছিয়া-লাচাংগা সংযোগী পথছোৱাৰ চাৰি ঠাইত ছিঙি পেলোৱাৰ ফলত যমৰ-যাতনাত ভুগিব লগা হৈছে অঞ্চলটোল শতাধিক ৰাইজে । বাঢ়নী পানীৰ সোঁতে লাচাংগা গাঁৱৰ মজিবৰ ৰহমানৰ ভেঁটি মাটি সহ তিনিটা গৃহ পানীত জাহ যায় ৷ তাৰোপৰি লাচাংগা জাতীয় বিদ্যালয়ৰো ক্ষতিসাধন কৰিছে বানপানীয়ে‌ ।

বেকী নদীৰ চতুৰ্থটো বানৰ সংহাৰী ৰূপ ধাৰণ

বানপানীৰ কবলত পৰি কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত অৰ্ধশতাধিক গাঁৱৰ শ-শ হেক্টৰ মৰাপাট, শালি ধান কুহিয়াৰ আৰু শাক্ পাচলিৰ খেতি সম্পূৰ্ণৰূপে বিনষ্ট হোৱাত মূৰে কপালে হাত দিছে দুৰ্ভোগীয়া কৃষক সকলে । এইক্ষেত্ৰত চৰকাৰ তথা বৰপেটা জিলা প্ৰশাসনৰ ওচৰত বিধ্বস্ত পথছোৱা তৎকালীন ভাৱে মেৰামতি কৰি যাতায়তৰ বাবে সূচল কৰি তুলাৰ লগতে ৰাইজৰ বিনষ্ট হোৱা কৃষি ভূমিৰ সম্পূৰ্ণ ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰিছে ভুক্তভোগী কৃষক ৰাইজে ।

বেকী নদীৰ চতুৰ্থটো বানৰ সংহাৰী ৰূপ ধাৰণ
লগতে পঢ়কঃমৰিগাঁৱত উপস্থিত জাগীৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা

For All Latest Updates

ABOUT THE AUTHOR

...view details