অসম

assam

ETV Bharat / state

কলগাছিয়াৰ গুইলেজাত বেকী নদীৰ বিধ্বংসী গৰাখহনীয়া - কলগাছিয়াৰ গুইলেজাত বেকী নদী গৰাখহনীয়া

বৰপেটা জিলাৰ কলগাছিয়াৰ গুইলেজাত বেকী নদীৰ বিধ্বংসী গৰাখহনীয়া । গৰাখহনীয়াত ইতিমধ্যে বহু লোকে আপোন ঘৰখন হেৰুৱাই নিৰাপদ স্থানত আশ্ৰয় লৈছে । অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজে দাবী জনাইছে নতুন চৰকাৰক ।

RIVER EROSION
কলগাছিয়াৰ গুইলেজাত বেকী নদীৰ বিধ্বংসী গৰাখহনীয়া

By

Published : May 22, 2021, 3:00 PM IST

কলগাছিয়া, ২২ মে':কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গুইলেজা গাঁৱত আৰম্ভ হৈছে ব্যাপক গৰাখহনীয়া । বাৰিষাৰ লগে লগে বেকী নদীয়েও কালৰূপ ধাৰণ কৰিছে । ইতিমধ্যে কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ গৰাখহনীয়াৰ কৱলত পৰিছে । ভয়ংকৰ গৰাখহনীয়াৰ ফলত ইতিমধ্যে বেকী নৈত উটি গৈছে চাৰিখনকৈ ৰাজহ গাঁও ।

কলগাছিয়াৰ গুইলেজাত বেকী নদীৰ বিধ্বংসী গৰাখহনীয়া

বিগত দহ বছৰ ধৰি বেকী নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি গুইলেজা, বৰডাংগা, চৰচৰীয়া, মিনিছিমলা আদি ৰাজহ গাঁওসমূহ নিশ্চিহ্ন কৰি পেলোৱাৰ লগতে গুইলেজাত সদ্য নিৰ্মিত ২৫ লাখ টকীয়া ৰিং বান্ধো খহনীয়াৰ কৱলত পৰিছে । ফলত চিন্তিত হৈ পৰিছে ৰাইজে ।

আনহাতে, খহনীয়াৰ কৱলত পৰি আপোন ঘৰখন হেৰুৱাই নিৰাপদ স্থানত আশ্ৰয় লৈছে একাংশ ভুক্তভোগী লোকে । ইয়াৰ পিছতে শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ নতুন চৰকাৰক আহ্বান জনাইছে ৰাইজে ।

লগতে পঢ়ক:ধুবুৰীক অপৰাধমুক্ত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ

ABOUT THE AUTHOR

...view details