অসম

assam

By

Published : Jul 31, 2019, 5:10 PM IST

ETV Bharat / state

বেঁকী নৈৰ গৰাখহনীয়াৰ কবলত কৰাৰকুৰ বেঁকী দলঙৰ গাইড বান্ধ

সংহাৰী বানৰ পিছত এতিয়া বৰপেটা জিলাৰ কলগাছিয়াৰ কৰাৰকুৰত আৰম্ভ হৈছে বেঁকী নৈৰ তীব্ৰ গৰাখহনীয়া ৷ ইফালে বেঁকী নৈৰ বুকুত জাহ যোৱা গাইড বান্ধটো পৰ্যবেক্ষণ কৰিবলৈ অহা বিভাগীয় অভিযন্তাই সাংবাদিকক দেখি খহনীয়াথলীৰ পৰা পথাৰৰ মাজেৰে বোকা ফেনেকি পলায়ন কৰৰৈ অভিযোগ

গৰাখহনীয়াৰ কবলত বেঁকী দলঙৰ গাইড বান্ধ

জনীয়া,৩১ জুলাইঃসংহাৰী বানৰ পিছত এতিয়া বৰপেটা জিলাৰ কলগাছিয়াৰ কৰাৰকুৰত আৰম্ভ হৈছে বেঁকী নৈৰ তীব্ৰ গৰাখহনীয়া। বুধবাৰে পুৱাৰ পৰা হোৱা বেঁকী নৈৰ খহনীয়াত জাহ যায় বেঁকী দলঙৰ গাইড বান্ধ। বিগত বছৰো একেই স্থানতে ব্যাপক গৰাখহনীয়া হৈ 4 টা পৰিয়ালৰ ঘৰ-বাৰী,মছজিদ,বিদ্যালয়ৰ লগতে ৰাজ্যিক ঘাইপথ জাহ যোৱাৰ ফলত চাৰি মাহ পূৰ্বে বেঁকী দলঙৰ পূব প্ৰান্তত জীও বেগ আৰু বালিৰে নিৰ্মাণ কৰা হৈছিল এই গাইড বান্ধ।

গৰাখহনীয়াৰ কবলত বেঁকী দলঙৰ গাইড বান্ধ

অভিযন্তাৰ নিম্ন মানৰ কামৰ বাবেই বুধবাৰে এই গাইড বান্ধটো বেঁকী নৈত জাহ যোৱা বুলি অভিযোগ কৰে ৰাইজে। ইফালে বেঁকী নৈৰ বুকুত জাহ যোৱা গাইড বান্ধটো পৰ্যবেক্ষণ কৰিবলৈ অহা বিভাগীয় অভিযন্তাই সাংবাদিকক দেখি খহনীয়াথলীৰ পৰা পথাৰৰ মাজেৰে পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । এই ক্ষেত্ৰত অতি সোনকালে তদন্ত কৰি বিহীত ব্যৱস্থা কৰিবলৈ বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষক দাবী জনাইছে ৰাইজে।

ABOUT THE AUTHOR

...view details