জনীয়া, ৭ আগষ্ট: বৰপেটাৰ কলগাছিয়াৰ নৈপৰীয়া ৰাইজৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে বেঁকী নদীৰ খহনীয়া । নৈৰ বুকত জাহ গৈছে বিঘাই বিঘাই কৃষিভূমি । খহনীয়া প্ৰতিৰোধৰ বাবে বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৬১ নং লাচাংগা গাঁও পঞ্চায়তৰ কাউৰজাহী ইছব বজাৰত বিগত ৪ দিনত ১৩টা পৰিয়ালৰ বাসগৃহ, কৃষি ভূমি বেঁকী নৈৰ খহনীয়াত জাহ গৈছে ।
সৰ্বস্বান্ত হৈ পথৰ ওপৰত অথবা আন লোকৰ ঘৰত আশ্ৰয় ল'বলগীয়া হৈছে দুৰ্ভগীয়া পৰিয়ালকেইটাই । আন একাংশ পৰিয়ালৰ বাসগৃহও ক্ষতিগ্ৰস্ত হৈছে খহনীয়াত । যিকোনো মুহূৰ্তত সকলো উছন হোৱাৰ আশংকাত আপোন ঘৰখন নিজ হাতেৰে ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে নৈপৰীয়া পৰিয়ালকেইটাই । বিগত চাৰি মাহ ধৰি চপৰা চপৰে খহিছে নৈৰ গৰা ।