জনিয়া, 12 মে':বাৰিষাৰ আৰম্ভণিৰ লগে লগেই চপৰা চপৰে খহিব ধৰিছে বেকী নৈৰ গৰা । নৈৰ বুকুত বিলীন হোৱাৰ উপক্ৰম হৈছে ৰাইজৰ সপোনৰ ঘৰ, আশাৰ শইচ । বাৰিষাৰ পূৰ্বেই বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত টাকাকাটা গাঁৱত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বেকী নৈৰ খহনীয়াই ।
বাৰিষাৰ পূৰ্বেই চপৰা চপৰে খহিছে বেকী নৈৰ গৰা - গৰাখহনীয়া
বাৰিষাৰ পূৰ্বেই বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত টাকাকাটা গাঁৱত চপৰা চপৰে খহিব ধৰিছে বেকী নৈৰ গৰা । জিলা প্ৰশাসন তথা জন প্ৰতিনিধিক ৰাইজে স্থায়ী প্ৰতিৰোধৰ বাবে আবেদন জনাই আহিছে যদিও, আজিলৈ কোনো সুফল নোপোৱাৰ অভিযোগ উত্থাপন হৈছে ।
শংকিত ৰাইজে এতিয়া নিজেই হাতে হাতে দা, ৰছী লৈ বাঁহৰ পাৰ্কুপাইনেৰে খহনীয়া ৰোধৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । উল্লেখ্য যে, বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত টাকাকাটা আৰু জনিয়া সমষ্টিৰ জাউৰিমাৰীত, দীৰ্ঘদিনৰ পৰাই চলি আহিছে গৰাখহনীয়াৰ ধ্বংস যজ্ঞ । সোনাবাড়ীৰ পৰা চতলালৈ স্থায়ী প্ৰতিৰোধৰ বাবে দীৰ্ঘদিনৰ পৰাই বৃহত্তৰ অঞ্চলৰ ৰাইজে, জিলা প্ৰশাসন তথা জন প্ৰতিনিধিক দাবী জনাই আহিছে যদিও, আজিলৈ কোনো সুফল নোপোৱাৰ অভিযোগ উত্থাপন হৈছে । অৱশ্যে মন্দিয়া খণ্ড উন্নয়ন বিষয়া নৱকুমাৰে খহনীয়া অঞ্চল পৰিদৰ্শন কৰি, খহনীয়া ৰোধৰ আশ্বাস প্ৰদান কৰা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃকৃষকলৈ সাহাৰ্য বিচাৰি আৱেদন বিধায়কৰ