জনীয়া, ৯ ছেপ্টেম্বৰ :অন্ত পৰা নাই কলগাছিয়াবাসীৰ দুখ-দুৰ্দশা ৷ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰ আৰু কাউৰজাহী গাঁৱত বিগত এক সপ্তাহ ধৰি কালৰূপী বেঁকী নদীত অব্যাহত আছে গৰাখহনীয়াৰ ৷ এই গৰাখহনীয়াৰ ফলত পথৰ ভিক্ষাৰী হৈ পৰিছে কেইবাটাও পৰিয়াল ।
চকুৰ সন্মুখতে নিজৰ আপোন ঘৰখন জাহ গৈছে নদীৰ বুকুত ৷ এটাৰ পিচত আনটোকৈ পকী ঘৰ নদীত জাহ যোৱাৰ লগতে উচন হৈছে শ শ বিঘা কৃষিভূমি । ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গৰাখহনীয়াগ্ৰস্ত লোকৰ মাজত ৷ শেহতীয়া তথ্য অনুসৰি, বিগত পাঁচটা দিনৰ ভিতৰত কেৱল বলাইপাথাৰ গাঁওখনতেই ৫০ টাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ উটুৱাই নিলে কালৰূপী বেঁকী নদীয়ে । ফলত কুলাই-পাচিয়ে নধৰা হৈছে গৰাখহনীয়াগ্ৰস্ত লোকৰ দুৰ্দশা ।
একপ্ৰকাৰে দৈনিক বেঁকী নদীৰ গৰাখহনীয়াই ত্ৰাসৰ সৃষ্টি কৰি বলাইপাথাৰ গাঁওখন নিশ্চিহ্ন কৰি পেলোৱাৰ উপক্ৰম হৈছে ৷ কিন্তু ইমানৰ পাচতো স্থানীয় বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম, সাংসদ আব্দুল খালেক আৰু চৰকাৰে কোনো কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বন্যাৰ্তই ।