অসম

assam

ETV Bharat / state

জনীয়াত বেঁকী নৈৰ ভয়াবহ গৰাখহনীয়া

জনীয়া সমষ্টিৰ কামাৰপাৰা আৰু চলচলীয়া গাঁৱত বেঁকী নৈৰ গৰাখহনীয়াৰ তাণ্ডৱ । বিদ্যালয়ৰ লগতে শ শ পৰিয়াললৈ খহনীয়াৰ ভাবুকি । নিজৰ গাঁঠিৰ ধন খৰচ কৰি বাঁহেৰে খহনীয়া প্ৰতিৰোধ কৰাৰ চেষ্টা গাঁওবাসীৰ ।

Beki river erosion at Jania
জনীয়াত বেঁকী নৈৰ ভয়াবহ গৰাখহনীয়া

By

Published : Jul 29, 2020, 2:11 PM IST

জনীয়া, 29 জুলাই : বৰপেটাৰ জনীয়া সমষ্টিৰ কামাৰপাৰা আৰু চলচলীয়া গাঁৱত বেঁকী নৈৰ ভয়াবহ খহনীয়াই ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰি আহিছে । বানৰ পৰিমাণ ক্ৰমাৎ হ্ৰাস পোৱাৰ লগে লগে নৈৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰাৰ ফলত ইতিমধ্যে 12টাতকৈও অধিক পৰিয়ালে ঘৰ-বাৰী এৰি নিৰাপদ ঠাইলৈ যাবলগীয়া হৈছে ।

ইয়াৰ লগতে গাঁওখনৰ জেকনিকুৰা প্ৰাথমিক বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰৰ আৰু আন শ শ পৰিয়াললৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে এই গৰাখহনীয়াই । ইফালে খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে গাঁওবাসীয়ে একত্ৰিত হৈ নিজৰ গাঁঠিৰ ধন খৰচ কৰি বাঁহেৰে পাৰ্কুপাইন দি থকা পৰিলক্ষিত হৈছে ।

জনীয়াত বেঁকী নৈৰ ভয়াবহ গৰাখহনীয়া

এই ক্ষেত্ৰত গাঁও পঞ্চায়তৰ সভাপতি ছৈয়দ আলী মণ্ডল, শ্বৰিফ উদ্দিনে নামৰ প্ৰধান শিক্ষক গৰাকীয়ে আৰ্থিক সাহাৰ্য আগবঢ়োৱা বুলি জানিব পৰা গৈছে । আনহাতে, নৈৰ পাৰত বহি খহনীয়াৰ পৰা উদ্ধাৰ পোৱাৰ কামনাৰে নেদেখাজনৰ সহায় বিচাৰি প্ৰাৰ্থনা কৰিছে গাঁওবাসীয়ে । লগতে জিলা প্ৰশাসন, স্থানীয় বিধায়ক, সাংসদ তথা ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ কামনা কৰিছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক : ধাৰাপুৰত খাদ্য বিতৰণ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

ABOUT THE AUTHOR

...view details