অসম

assam

ETV Bharat / state

ইটিভিৰ বাতৰিৰ পাচতেই গৰাখহনীয়া অঞ্চল পৰিদৰ্শন জনীয়াৰ বিধায়কৰ - jania mla visit erision aarea of jania

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ । বেঁকী নৈৰ প্ৰৱল গৰাখহনীয়াৰ বাতৰি প্ৰচাৰ হোৱাৰ পাচতেই গৰাখহনীয়া অঞ্চল পৰিদৰ্শন জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ । জনীয়া সমষ্টিৰ বলাইপাথাৰ আৰু ইছব বজাৰত বেঁকী নৈৰ ব্যাপক গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বিধায়কগৰাকীৰ ৷

ইটিভিৰ বাতৰিৰ পাচতেই গৰাখহনীয়া অঞ্চল পৰিদৰ্শন জনীয়াৰ বিধায়কৰ
ইটিভিৰ বাতৰিৰ পাচতেই গৰাখহনীয়া অঞ্চল পৰিদৰ্শন জনীয়াৰ বিধায়কৰ

By

Published : May 29, 2021, 6:31 PM IST

জনীয়া, 29 মে' : বেকী নদীৰ তীব্ৰ গৰাখহনীয়াৰ বাতৰি ই টিভি ভাৰতত সম্প্ৰচাৰ হোৱা পাচতেই উক্ত অঞ্চল পৰিদৰ্শন কৰে জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিড ৰফিকুল ইছলামে ৷ উল্লেখ্য যে, বৰপেটা জিলাৰ জনীয়া বলাইপাথাৰ আৰু ইছব বজাৰত বেঁকী নৈৰ গৰাখহনীয়াই ৫ টাকৈ পৰিয়ালৰ মাটি-ভেটি উচন হৈ পথৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰাৰ বাতৰি বিস্তৃতভাৱে সম্প্ৰচাৰ হোৱাৰ পাছতেই শনিবাৰে উক্ত স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় বিধায়কগৰাকীয়ে ৷

ইটিভিৰ বাতৰিৰ পাচতেই গৰাখহনীয়া অঞ্চল পৰিদৰ্শন জনীয়াৰ বিধায়কৰ

সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিভাগীয় মন্ত্ৰী পীষুয হাজাৰিকাৰ সৈতে বেঁকী নৈৰ প্ৰৱল গৰাখহনীয়াৰ কথা অৱগত কৰি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে দাবী কৰিছে বুলি জানিবলৈ দিয়ে জনীয়াৰ বিধায়কগৰাকীয়ে ৷

উল্লেখ্য যে, শনিবাৰৰ দিনটোত জনীয়াৰ কামাৰপৰা আৰু মিনিশিমলাত বেঁকী নৈৰ ব্যাপক গৰাখহনীয়া অব্যাহত আছে । শনিবাৰৰ দিনটোতো কেইবাটাও পৰিয়ালৰ মাটি-ভেটি উচন হোৱাত নিৰাপদ স্থানলৈ স্থানন্তৰ হ’ব লগা হয় পৰিয়াল কেইটা ৷ জনীয়াৰ সমষ্টিৰ কাউৰজাহী গাঁৱতো আৰম্ভ হৈছে বেঁকী নৈৰ তীব্ৰ গৰাখহনীয়া । ঘৰ-দুৱাৰ, মাটি-সম্পত্তি হেৰুৱাই সৰ্বহাৰা হৈ পৰিছে শতাধিক লোক । ইতিমধ্যে বেঁকী নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি কাচুকাটি, খাৰবাল্লী, ডাউকমাৰী, মোৱামাৰী আদি গাঁওসমূহৰ অধিকাংশ উটুৱাই লৈ গৈছে বেকী নদীয়ে ৷

লগতে পঢ়ক :অনাহাৰে দিন পাৰ কৰিছে হোম-কোৱাৰেন্টাইনত আৱদ্ধ চাহ শ্ৰমিকে

ABOUT THE AUTHOR

...view details