ৰজাঘৰীয়াই নুশুনে বান পীড়িতৰ বিননি - beki river
বেকী নৈৰ বান এতিয়া কলগাছিয়াৰ বাবে চকুপানী । বান শিবিৰত নাই খাদ্য,বিশুদ্ধ খোৱা পানী । বানপানীৰ পাছত এতিয়া ডায়েৰিয়াৰ প্ৰকোপ । নাই কোনো চিকিৎসাৰ ব্যৱস্থা । আধা কেজি চাউল আৰু দাইল দিয়েই দায়িত্ব সামৰিলে চৰকাৰে। বান শিবিৰত এতিয়া বন্যাৰ্তৰ মাজত হাহাকাৰ ।
জনীয়া,২০ জুলাই : ভয়াৱহ বানে ধোৱা বৰপেটা জিলাৰ বেঁকী নৈত হ্ৰাস পাইছে পানী। ক্ৰমশ উন্নত হৈছে বান পৰিস্থিতিৰ কিন্তু একে সময়তে জিলাখনৰ কলগাছিয়াৰ সুতিৰপাথাৰ আৰু খাৰবাল্লীত থকা বান শিবিৰত সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকটৰ লগতে আন আন মৌলিক প্ৰয়োজনীয় বস্তুৰ অভাৱে এতিয়া জৰ্জৰিত কৰিছে শিবিৰবাসীক । ৯ দিন ধৰি ঘৰৰ ভিতৰত একাঠু পানীৰ ফলত সুতিৰপাথাৰ আৰু খাৰবাল্লী গাঁওৰ প্ৰায় চাৰিশ লোকক স্থানান্তৰ কৰা হৈছিল শিবিৰটোলৈ। আঁঠুৱা নোহোৱাকৈ পশুধনৰ লগত এতিয়া ৰাইজৰ সহৱস্থান । শিবিৰত কেইবাজনো লোক আক্ৰান্ত হৈছে ডায়েৰিয়া আৰু জ্বৰত। যাতায়ত ব্যৱস্থা ব্যাহত হোৱাৰ বাবে ৰোগীক ভৰ্তি কৰিব পৰা হোৱা নাই চিকিৎসালয়ত। একেসময়তে ৰাইজৰ এই দুৰ্দশাৰ ৰং চাইছে চৰকাৰ তথা জিলা প্ৰশাসনে। কেৱল আধা কেজি চাউল আৰু দাইল দিয়েই দায়িত্ব সামৰি এতিয়া হাত সাবটি বহি আছে ৰজাঘৰীয়া। চৰকাৰৰ সুমতি কামনা দুৰ্ভগীয়া ৰাইজৰ। অতি সোনকালে মানুহ আৰু পশুৰ খাদ্য সামগ্ৰীৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক অনুৰোধ ৰাইজৰ।