জনীয়া, ৬ ছেপ্তেম্বৰ:জনীয়াত বৰ্তমানেও অব্যাহত খহনীয়াৰ তাণ্ডৱ(Continued erosion in Jania) । নিতৌ গৃহহাৰা হৈছে শ শ পৰিয়াল(Hundreds of families affected by erosion) । এইবাৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে এখন দলঙলৈ । জনীয়া সমষ্টিৰ অন্তৰ্গত শওঁপুৰৰ বিকল্প ৰাজ্যিক ঘাই পথৰ বেঁকী নৈৰ ওপৰত থকা কৰাৰকুৰ বেকী দলংৰ গাইড বান্ধ সম্প্ৰতি বেকী নৈৰ গৰাখহনীয়াৰ কৱলত(Beki bridge guide dam in grip of erosion) ।
বিগত বছৰত বেকী নৈৰ খহনীয়াৰ কৱলত পৰি দলংখনৰ প্ৰায় ৭০% বেকী নৈৰ বুকুত জাহ গৈছিল । পুনৰ বিগত কেইবাদিনো ধৰি হৈ থকা গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত এইবাৰ দলংখন সম্পূৰ্ণৰূপে জাহ যোৱাৰ পথত । ইফালে শওপুৰ গাঁৱৰ গৰাখহনীয়াত ৫০ টা পৰিয়াল নৈৰ বুকুত জাহ গৈছে ।