বৰপেটা,১৩ মাৰ্চ :গ্ৰাম্য অৰ্থনীতিত মৌ পালনৰ আছে বিশেষ ভূমিকা। মৌ পালনৰ জৰিয়তে গাঁৱৰ বহু লোক স্বাৱলম্বী হ'ব পাৰে । সেয়ে সৰুক্ষেত্ৰীৰ সৰ্থেবাৰীত মৌ পালন সম্পৰ্কীয় এক কৰ্মশালা আৰু সজাগতা সভাৰ (Training and Awareness program on beekeeping) আয়োজন কৰা হৈছে । সৰুক্ষেত্ৰী অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ বাপুজী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই মৌ পালনৰ কৰ্মশালা (Beekeeping Training in Sarthebari)।
নামনি অসম ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ উদ্যোগত আৰু বাপুজী মহাবিদ্যালয়ৰ আই কিউ এ চিৰ (IQAC) সহযোগত অনুষ্ঠিত এই বিশেষ কৰ্মশালা পৰিচালনা কৰে ভাৰতীয় কিষাণ সংঘৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক তথা নামনি অসম ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ পৰিচালন সঞ্চালক দিগন্ত ডেকাই । কৰ্মশালা উদ্বোধন কৰি বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালে কয় যে মৌ পালন এটা অতি উত্তম ব্যৱসায় আৰু যথেষ্ট সুবিধা থকা এটা ব্যৱসায় । মৌ পালনেৰে গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ পথ প্ৰশস্ত কৰিব পাৰি বুলিও মন্তব্য কৰে উপায়ুক্ত তেজ প্ৰসাদ ভূষালে ।