জনীয়া,15 মাৰ্চ:বৰপেটাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দাৱনদিয়া গাঁৱত সোমবাৰে ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হৈছে প্ৰচণ্ড মাৰপিট ৷ দুই ভাতৃৰ মাজত সৃষ্টি হৈছে এই হতাহতিৰ ঘটনা ৷
প্ৰাপ্ত অভিযোগ অনুসৰি, ফজৰ আলীৰ ভূমিত পুত্ৰ মাজেদ আলী, ওৱাজেদ আলী আৰু মজিবৰ ৰহমানে ট্ৰেক্টৰেৰে হাল বাবলৈ যোৱাত ফজৰ আলীৰ আন এক পুত্ৰ হবিবৰ ৰহমানে বাধা প্ৰদান কৰে । ফলত হাতে হাতে দা, লাঠী লৈ মাজেদ আলী, ওৱাজেদ আলী আৰু মজিবৰ ৰহমানে ভাতৃ হবিবৰ ৰহমান, ভতিজা শফিকুল ইছলাম, মফিদুল ইছলাম আৰু বোৱাৰী মিনাৰা খাতুনক গুৰুতৰভাৱে আঘাত কৰে ।