অসম

assam

ETV Bharat / state

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক ৰাজহুৱা সম্বৰ্ধনা - barpeta

সোমবাৰে বৰপেটাত ৰাজহুৱা অভিনন্দন জ্ঞাপন কৰা হয় বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাক ৷ বৰপেটা সত্ৰৰ তৰফৰ পৰা বশিষ্ঠ দেৱ শৰ্মাক শৰাই, গামোছা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপনৰ লগতে অন্যান্য সংস্থা সমূহেও তেখেতক অভিনন্দন জ্ঞাপন কৰে ৷

Basistha Sarma felicitation at Barpeta
বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাক ৰাজহুৱা সম্বৰ্ধনা

By

Published : Sep 29, 2020, 9:42 AM IST

বৰপেটা, 29 ছেপ্তেম্বৰ : সত্ৰীয়া সংস্কৃতিৰ সাধক তথা বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে সন্মানিত কৰিছে ৷ ইয়াৰ পিছতেই সোমবাৰে বৰপেটাত তেখেতক ৰাজহুৱাভাৱে অভিনন্দন জনোৱা হয় ৷ বুঢ়াসত্ৰীয়া গৰাকীক বৰপেটা চহৰৰ সুন্দৰীদিয়া কলয়াহাটীৰ বাসগৃহৰ পৰা আদৰি আনি প্ৰথমে বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ নহাটীস্থিত আদি ভিঠিত ৰখা হয় ৷ ইয়াৰ পৰা গায়ন বায়নেৰে বৰপেটা সত্ৰৰ দালানলৈ আদৰি অনা হয় ৷

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাক ৰাজহুৱা সম্বৰ্ধনা

বৰপেটা সত্ৰৰ তৰফৰ পৰা বশিষ্ঠদেৱ শৰ্মাক শৰাই, গামোছা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপনৰ লগতে অন্যান্য সংস্থা সমূহেও তেখেতক অভিনন্দন জ্ঞাপন কৰে ৷ সোমবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি ৷ ১৯৬৭ চনৰ পৰাই বৰপেটাৰ লোকসকলে তেখেতক আন্তৰিকতাৰে আঁকোৱালি লোৱা বুলি মন্তব্য কৰি বঁটাটোৰ শ্ৰেয় বৰপেটাবাসীক প্ৰদান কৰে বুঢ়াসত্ৰীয়া গৰাকীয়ে ৷

লগতে পঢ়ক-লামডিঙত উপবন উন্মোচন বন মন্ত্রী পৰিমল শুক্লবৈদ্যৰ

ABOUT THE AUTHOR

...view details