বৰপেটা, 18 মে’ : বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত মঙলবাৰে পালন কৰা হয় মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি মহোৎসৱ (Mahapurush Madhabdev Birth Anniversary) ৷ গুৰুজনাৰ আৱিৰ্ভাৱ তিথিৰ লগত সংগতি ৰাখি সুন্দৰীদিয়া সত্ৰত অনুষ্ঠিত হয় মাধৱদেৱ বঁটা প্ৰদান অনুষ্ঠান ৷ উক্ত অনুষ্ঠানতে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া তথা সত্ৰীয়া সংস্কৃতিৰ সাধক বশিষ্ঠ দেৱ শৰ্মাক মাধৱদেৱ বঁটা(Burha Satriya Basistha Dev Sarma) প্ৰদান কৰে সুন্দৰীদিয়া সত্ৰই ৷
বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস, সুন্দৰীদিয়া সত্ৰৰ ডেকাসত্ৰীয়া নিৰ্মল অধিকাৰী আৰু মইনবড়ী সত্ৰৰ অপূৰ্ব অধিকাৰীৰ উপস্থিতিত সত্ৰীয়া সংস্কৃতিৰ সাধকগৰাকীক সুন্দৰীদিয়া সত্ৰই এই বঁটা প্ৰদান কৰে(Basistha Dev Sarma gets Madhavdev Award) ৷ মাধৱদেৱ বঁটা গ্ৰহণ কৰি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া তথা শংকৰদেৱ বঁটাপ্ৰাপক সংস্কৃতিৰ সাধকগৰাকীয়ে মাধৱদেৱ গুৰুজনাৰ নামত নিজ জন্মভূমিতে এনেদৰে সন্মানিত হ’বলৈ পাই অতিকে আনন্দিত হোৱা বুলি মন্তব্য কৰে ৷