অসম

assam

ETV Bharat / state

দিপাৱলীত ফটকা বিক্ৰীত নিষেধাজ্ঞাঃ ব্যাপক ক্ষতিৰ সন্মুখীন বৰপেটাৰ আতচবাজী শিল্প - ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰাৰ ফলত লোকচানৰ সন্মুখীন হৈছে বৰপেটাৰ আতচবাজী প্ৰস্তুত কৰা পৰিয়ালসমূহ | মহামাৰী ক'ৰণা আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত প্ৰায় ৯ মাহ ধৰি বন্ধ হৈ আছিল বৰপেটাৰ আতচবাজী শিল্প ৷ শেহতীয়াভাৱে দিপাৱলীৰ বাবে বিভিন্ন ধৰনৰ আতচবাজী প্ৰস্তুত কৰি তুলিছিল পৰিয়ালসমূহে ৷ পৰিয়ালসমূহৰ ক্ষোভ-প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নিৰ্দেশনাক লৈ ৰাজনীতি কৰিছে ৷ থলুৱা আতচবাজী শিল্পৰ যিধৰনে ক্ষতিৰ সন্মুখীন হ'ল সেয়া পূৰণ কৰাতো সম্ভৱ নহ'ব ৷

as_bar_Barpeta's_firework_industry_facing_a_big_loss_img_as10038
ব্যাপক ক্ষতিৰ সন্মুখীন বৰপেটাৰ আতচবাজী শিল্প

By

Published : Nov 14, 2020, 5:01 PM IST

বৰপেটা, ১৪ নৱেম্বৰ :আজি পোহৰৰ উৎসৱ দিপাৱলী ৷ মহামাৰী ক'ৰণাৰ ভয়াবহতাৰ মাজতে দেশবাসীৰ লগতে ৰাজ্যবাসীও ব্যস্ত হৈ পৰিছে দিপাৱলী পালন কৰাত ৷ কিন্তু তাৰ মাজতে কিন্তু এইবেলি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰাৰ ফলত লোকচানৰ সন্মুখীন হৈছে বৰপেটাৰ আতচবাজী প্ৰস্তুত কৰা পৰিয়ালসমূহ ৷ মহামাৰী ক'ৰণা আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত প্ৰায় ৯ মাহ ধৰি বন্ধ হৈ আছিল বৰপেটাৰ আতচবাজী শিল্প ৷ শেহতীয়াভাৱে দিপাৱলীৰ বাবে বিভিন্ন ধৰনৰ আতচবাজী প্ৰস্তুত কৰি তুলিছিল পৰিয়ালসমূহে ৷

দিপাৱলীত ফটকা বিক্ৰীত নিষেধাজ্ঞা

কিন্তু দিপাৱলীৰ আগমুহূৰ্তত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে এতিয়া মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে আতচবাজী শিল্পটোৰ সৈতে জড়িত পৰিয়ালসমূহৰ ৷ বিশেষকৈ গুৱাহাটী মহানগৰীত আছে বৰপেটাৰ থলুৱা আতচবাজীৰ এক সুকীয়া চাহিদা ৷ কিন্তু গুৱাহাটীত আতচবাজীৰ বিক্ৰীত নিষেধাজ্ঞা জাৰিৰ ফলতেই বৰপেটাৰ শিল্পীসকলে প্ৰস্তুত কৰা আতচবাজী সমূহ পঠিয়াব নোৱাৰিলে গুৱাহাটীলৈ ৷ যাৰ ফলত ব্যপক লোকচানৰ সন্মুখীন হৈছে পৰিয়াল সমূহ ৷

দিপাৱলীত ফটকা বিক্ৰীত নিষেধাজ্ঞা

শিল্পটোৰ সৈতে জৰিত পৰিয়ালসমূহৰ ক্ষোভ-প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নিৰ্দেশনাক লৈ ৰাজনীতি কৰিছে ড৹ হিমন্তবিশ্ব শৰ্মাই ৷ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে পূৰ্বেই যদি ফটকাৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিলেহেঁতেন, তেন্তে আতচবাজী শিল্পৰ সৈতে জড়িত শিল্পীৰ পৰিয়ালসমূহ ক্ষতিৰ সন্মুখীন নহ'লহেতেন ৷ চৰকাৰী সিদ্ধান্তৰ ফলত বৰপেটাৰ থলুৱা আতচবাজী শিল্পৰ যিধৰনে ক্ষতিৰ সন্মুখীন হ'ল সেয়া পূৰণ কৰাতো সম্ভৱ নহ'ব বুলিও মন্তব্য কৰে শিল্পীপৰিয়ালসমূহে ৷

লগতে পঢ়ক:গোলাঘাটত শিশু ফুটবল প্ৰতিযোগিতা মুকলি বিধায়ক মৃণাল শইকীয়াৰ

ABOUT THE AUTHOR

...view details