বৰপেটাৰোড,১৩ মাৰ্চ :ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ (Russia Ukraine War) অব্যাহত আছে । ইয়াৰ মাজতে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থী তথা সাধাৰণ নাগৰিকক ভাৰত চৰকাৰে উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে । শেহতীয়াকৈ অপাৰেশ্যন গংগাৰ (Operation Ganga) অধীনত ইউক্ৰেইনৰ যুদ্ধবিধ্বস্ত ছুমী চহৰৰ পৰা বহুকেইগৰাকী ভাৰতীয় শিক্ষাৰ্থী নিজ দেশলৈ উভতি আহিবলৈ সক্ষম হৈছে । শিক্ষাৰ্থীসকলৰ ভিতৰত অসমৰো কেইবাগৰাকী শিক্ষাৰ্থী ।
তাৰ ভিতৰত বৰপেটাৰোডৰ অনিমা আহমেদো আছিল । ইউক্ৰেইনৰ ছুমী বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী অনিমা আহি উপস্থিত হৈছে বৰপেটাৰোডৰ বাসগৃহত (Barpetaroad student arrives at home from Ukraine)। যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ থকা ছাত্ৰীগৰাকী ঘৰত উপস্থিত হোৱাৰ পাছত স্বস্তিৰ নিশ্বাস পেলাইছে তেওঁৰ পৰিয়ালে ।