বৰপেটা, 12 জুন :সৰুক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰ দূৰ্নীতিত লিপ্ত হোৱা আৰু যুৱ কংগ্ৰেছ কৰ্মীসকলক বিধায়কজনৰ চামচা বুলি বৰপেটা জিলা আমছুৱে কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰিছে যুৱ কংগ্ৰেছে ৷ আজি বৰপেটাৰ ৰাজীৱ ভৱনত বৰপেটা জিলা যুৱ কংগ্ৰেছ নেতৃত্বই এখন সংবাদমেল অনুষ্ঠিত কৰি আমছুৰ একাংশ নেতাৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে ৷
বৃহস্পতিবাৰে বৰপেটা আমছুৰ একাংশ নেতাই কলগাছিয়াত সংবাদমেল অনুষ্ঠিত কৰি সৰুক্ষেত্ৰীৰ বিধায়কজন দূৰ্নীতিগ্ৰস্ত বুলি সমালোচনা কৰিছিল ৷ আমছুৱে কৰা এনে মন্তব্যৰ পিচতে আজি বৰপেটা যুৱ কংগ্ৰেছেও সংবাদমেল অনুষ্ঠিত কৰি সৰুক্ষেত্ৰীৰ বিধায়কজনৰ দূৰ্নীতিৰ প্ৰমান বিচাৰে ৷ দূৰ্নীতিৰ প্ৰমান হ'লে আনকি বিধায়কগৰাকীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহন কৰা হ'ব বুলিও জিলা যুৱ কংগ্ৰেছে সংবাদমেলত প্ৰকাশ কৰে ৷ কিন্তু প্ৰমান অবিহনে এজন বিধায়কৰ বিৰুদ্ধে হকে বিহকে অযথা মন্তব্য নকৰিবলৈ বৰপেটা জিলা যুৱ কংগ্ৰেছ নেতৃত্বই বৰপেটা আমছুক সকিয়াই দিয়ে ৷