জনীয়া, ৫ জুন :সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন জিলাত পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস (World Environment Day) । বৰপেটা জিলাৰ কলগাছিয়া প্ৰেছ ইউনিয়নৰ উদ্যোগত আৰু বৰভিঠা আৰক্ষী চকীৰ সহযোগত ক'ভিড প্ৰট'কল(Covid protocol) পালন কৰি পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি বৰভিঠা আৰক্ষী চকী চৌহদ,চান্দমামা আদৰ্শ চিকিৎসালয়,বৰভিঠা উচ্চতৰ মাধ্যমিক বিদ্যালয়,বৰভিঠা গাওঁ পঞ্চায়ত চৌহদ আদিত গছপুলি ৰোপণ কৰা হয় ।
কলগাছিয়াৰ বৰভিঠাত পালন বিশ্ব পৰিৱেশ দিৱস - world environment day observe in Assam
বৰপেটা জিলাৰ কলগাছিয়া প্ৰেছ ইউনিয়নৰ উদ্যোগত আৰু বৰভিঠা আৰক্ষী চকীৰ সহযোগত ক'ভিড প্ৰট'কল পালন কৰি পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি বৰভিঠা আৰক্ষী চকী চৌহদ, চান্দমামা আদৰ্শ চিকিৎসালয়, বৰভিঠা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰভিঠা গাঁও পঞ্চায়ত চৌহদ আদিত গছপুলি ৰোপণ কৰা হয় ।
কলগাছিয়াৰ বৰভিঠাত পালন বিশ্ব পৰিৱেশ দিৱস
অনুষ্ঠানত কলগাছিয়া প্ৰেছ ইউনিয়নৰ সভাপতি শ্বহিদুল ইছলাম, বৰভিঠা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষীন্দ্ৰ শইকীয়া, বৰভিঠাৰ পঞ্চায়ত সভানেত্ৰী ৰাবিয়া খাতুন,বি কে হাইস্কুলৰ প্ৰধান শিক্ষক আনোৱাৰ হুছেইন আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে প্ৰেছ ইউনিয়নৰ সদস্য সকল উপস্থিত থাকে । সমান্তৰালকৈ বিশেষ দিনটোত কমেও এটাকৈ গছপুলি ৰোপণ কৰি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ বাবে সকলোৱে অৱদান আগবঢ়াবলৈ প্ৰেছ ইউনিয়নৰ তৰফৰ পৰা প্ৰত্যেককে আহ্বান জনোৱা হয় ।
লগতে পঢ়ক :মঙলদৈত চিকিৎসালয়ৰ পৰা পলায়ন ক’ভিড আক্ৰান্ত অপৰাধী