বৰপেটাত অবৈধ সুৰাৰ ঘাটি উৎখাত কৰিলে মহিলাই - জনীয়া বিধানসভা সমষ্টিৰ উপনিৰ্বাচন
বৰপেটাৰ গান্ধী নগৰত অবৈধ সুৰাৰ বিৰুদ্ধে মহিলাৰ অভিযান ৷ বৰপেটা চহৰত ড্ৰাই ডে'ৰ মাজতে মহিলাই চলালে অভিযান ৷

বৰপেটা, 20 অক্টোবৰঃ বৰপেটাৰ গান্ধী নগৰত অবৈধ সুৰাৰ বিৰুদ্ধে মহিলাৰ অভিযান ৷ বৰপেটা চহৰত ড্ৰাই ডে'ৰ মাজতে মহিলাৰ এই অভিযানত জব্দ হয় ৮ কাৰ্টন বিলাতী সুৰা, এক কাৰ্টন বিয়েৰৰ লগতে তিনি বস্তা চুলাই মদ আৰু অবৈধ বিলাতী সুৰা ৷ সোমবাৰে অনুষ্ঠিত হ'বলগীয়া জনীয়া বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ২২ অক্টোবৰলৈকে বৰপেটা জিলাত অব্যাহত আছে ড্ৰাই ডে' ৷ বৰপেটা জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আবকাৰী আইনৰ বিধি ব্যৱস্থাৰ অধীনত শান্তি শৃংখলা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত বৰপেটাত সুৰাৰ বিক্ৰী, সৰবৰাহ আৰু সেৱন সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰিছে যদিও এনেদৰেই চলি আছে সুৰাৰ অবৈধ বেহা ৷