অসম

assam

ETV Bharat / state

বিশুদ্ধ পানীৰ অভাৱত বৰপেটাবাসী: পৌৰসভাই পৰিশোধ কৰা নাই বিদ্যুতৰ বিল - বৰপেটাত পৌৰসভাই পৰিশোধ কৰা নাই বিদ্যুৎ বিভাগৰ বিল

পৌৰসভাৰ উপ পৌৰপতিয়ে জনোৱা মতে, বিদ্যুতৰ বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবেই বিদ্যুৎ বিভাগৰ পৰা বিদ্যুৎ কৰ্তন কৰি দিয়াত নৈৰ পৰা পানী উত্তোলন কৰিব পৰা নাই ফলত বন্ধ হৈ পৰিছে পানীৰ যোগান ৷ পৌৰসভাৰ উপ পৌৰপতিয়ে জনোৱা মতে, চহৰবাসীয়ে সময়মতে পানীৰ বিল পৰিশোধ নকৰাৰ বাবেই বিদ্যুতৰ বিল পৰিশোধ কৰিব পৰা নাই বিদ্যুৎ বিভাগক ৷

বিশুদ্ধ পানীৰ অভাৱত বৰপেটাবাসী
বিশুদ্ধ পানীৰ অভাৱত বৰপেটাবাসী

By

Published : Dec 29, 2019, 2:19 PM IST

বৰপেটা, ২৯ ডিচেম্বৰ:বৰপেটা চহৰত পানীৰ বাবে হাহাকাৰ কৰিছে সাধাৰণ ৰাইজে ৷ বিগত কেইবাদিন ধৰি চহৰখনৰ ৱাৰ্ডসমূহত নাই বিশুদ্ধ পানী , ফলত পানীৰ বাবে হাহাকাৰ অৱস্থা বৰপেটা চহৰত ৷ বৰপেটা বিলৰতাৰীস্থিত পৌৰসভাৰ পানী যোগান আচনিৰ জৰিয়তে চহৰৰ একাংশ ৱাৰ্ডত যোগান ধৰা হয় বিশুদ্ধ খোৱাপানী ৷ পিছে নখান্দা নৈৰ পৰা পানী উঠোৱা যন্ত্ৰটোৰ বিদ্যুৎ সংযোগ কৰ্তন কৰি দিয়াৰ বাবে বিগত কেবাদিন ধৰি বন্ধ হৈ পৰিছে পানীৰ যোগান ৷

পৌৰসভাৰ উপ পৌৰপতিয়ে জনোৱা মতে, বিদ্যুতৰ বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবেই বিদ্যুৎ বিভাগৰ পৰা বিদ্যুৎ কৰ্তন কৰি দিয়াত নৈৰ পৰা পানী উঠাব পৰা নাই ৷ ফলত বন্ধ হৈ পৰিছে পানীৰ যোগান ৷ পৌৰসভাৰ উপ পৌৰপতিয়ে জনোৱা মতে, চহৰবাসীয়ে সময়মতে পানীৰ বিল পৰিশোধ নকৰাৰ বাবেই বিদ্যুতৰ বিল পৰিশোধ কৰিব পৰা নাই বিদ্যুৎ বিভাগক ৷

বিশুদ্ধ পানীৰ অভাৱত বৰপেটাবাসী

পানীৰ যোগান বন্ধ থকাৰ ফলত বহু পৰিয়ালে খোৱা পানী ক্ৰয় কৰি চলি আছে যদিও বহু পৰিয়ালৰ নাই পানী ক্ৰয় কৰাৰ সামৰ্থ ৷ তেনে পৰিয়ালসমূহৰ এতিয়া পানীৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ ইপিনে বৰপেটা চহৰৰ পানীত আৰ্চেনিকৰ উপস্থিতি ধৰা পৰাৰ ফলত পৌৰসভাৰ বিশুদ্ধ খোৱাপানীৰ ওপৰতে নিৰ্ভৰশীল চহৰবাসী ৷ তেনেক্ষেত্ৰত পৌৰসভাৰ নিৰ্বিকাৰ ভূমিকাৰ তীব্ৰ সমালোচনা কৰিছে চহৰবাসী ৰাইজে ৷ উল্লেখ্য যে, পৌৰসভাৰ অকৰ্মন্যতাৰ বাবেই চহৰখনত প্ৰায়েই বন্ধ হৈ থাকে বিশুদ্ধ খোৱাপানীৰ যোগান ৷

লগতে পঢ়ক: কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ নামাকৰণৰ বিৰোধিতা নাথ যোগী ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

...view details