বৰপেটা, ১৪ ছেপ্টেম্বৰঃ বৰপেটা চহৰৰ যুৱতী নিৰ্যাতনৰ ঘটনাৰ মুল অভিযুক্ত হাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ ৷ কাছাৰৰ বাশকান্দিৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ গোপন তথ্যৰ ভিত্তিতে বাশকান্দিত অভিযান চলাই বৃহস্পতিবাৰে নিশা বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱতী নিৰ্যাতনকাৰী হাফিজুৰ ৰহমানক ৷ বৰপেটা আজাদ নগৰৰ হাফিজুৰ ৰহমান নামৰ যুৱকজনে বুধবাৰে বৰপেটাৰ V2 শ্বপিংমলত কৰ্মৰত এগৰাকী যুৱতীক চলাইছিল শাৰিৰীক নিৰ্যাতন ৷ এই ঘটনাৰ পিচৰ পৰা পলাতক হৈ থকা হাফিজুৰ ৰহমানক আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পিচতেই আজি বৰপেটাৰ আদালতত হাজিৰ কৰায় আৰক্ষীয়ে ৷
বৰপেটাত গ্ৰেপ্তাৰ V2 শ্বপিংমলৰ যুৱতী নিৰ্যাতনকাৰী - হাফিজুৰ ৰহমান
বৰপেটা আজাদ নগৰৰ হাফিজুৰ ৰহমান নামৰ যুৱকজনে বুধবাৰে বৰপেটাৰ V2 শ্বপিংমলত কৰ্মৰত এগৰাকী যুৱতীক চলাইছিল শাৰিৰীক নিৰ্যাতন
উল্লেখ্য যে,দীৰ্ঘদিন প্ৰেমৰ প্ৰস্তাৱেৰে যুৱতীগৰাকীক আতিশয্য চলাই আহিছিল হাফিজুৰ ৰহমান নামৰ যুৱকজনে ৷ কিন্তু যুৱতী গৰাকীয়ে প্ৰেম প্ৰত্যাখান কৰাৰ পাচতে 11 চেপ্তেম্বৰ বুধবাৰে হাফিজুৰে V2 শ্বপিংমলত যুৱতী গৰাকীক শাৰীৰিক নিৰ্যাতন চলাই যুৱকজনে ৷ এই ঘটনাৰ পাচতে চাঞ্চল্যৰ সৃষ্টি হৈছিল বৰপেটা চহৰত ৷ আনকি অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত বৰপেটা চহৰত ৰাম সেনাই উলিয়াইছিল প্ৰতিবাদী সমদল ৷ আনহাতে, অভিযুক্ত হাফিজুৰক গ্ৰেপ্তাৰ কৰা ঘটনাক বিভিন্ন সংগঠনে আদৰণি জনোৱাৰ লগতে দোষীৰ কঠোৰ শাস্তিৰ দাবী জনাই দল-সংগঠনে ৷