বৰপেটা, 18 অক্টোবৰঃইউকো বেংকৰ বৰপেটা শাখাত সংঘটিত হৈছে ঋণ কেলেংকাৰী ৷ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে বেংকৰ শাখা প্ৰৱন্ধকৰ বিৰুদ্ধে ৷ বৃহস্পতিবাৰে কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ নেতৃত্বত বৰপেটা চহৰত অভিযান চলাই বেংক বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ হোৱা শাখা প্ৰৱন্ধকজনৰ নাম আলোক কুমাৰ ৷
ইউকো বেংকৰ কেলেংকাৰীত জড়িত শাখা প্ৰৱন্ধকক গ্ৰেপ্তাৰ - ইউকো বেংকৰ বৰপেটা শাখা
ইউকো বেংকৰ বৰপেটা শাখাত ঋণ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে বেংকৰ শাখা প্ৰৱন্ধকৰ বিৰুদ্ধে ৷ বিহাৰৰ বাসিন্দা আলোক কুমাৰে বৰপেটাৰ ইউকো বেংকৰ শাখা প্ৰৱন্ধক হিচাপে বিগত তিনিবছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি আছে ৷ বৃহস্পতিবাৰে কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ নেতৃত্বত বৰপেটা চহৰত অভিযান চলাই বেংক বিষযাগৰাকীক গ্ৰেপ্তাৰ কৰে ৷
![ইউকো বেংকৰ কেলেংকাৰীত জড়িত শাখা প্ৰৱন্ধকক গ্ৰেপ্তাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4790081-thumbnail-3x2-b.jpg)
উল্লেখ্য যে, বেংকটোত সংঘটিত কেলেংকাৰী সন্দৰ্ভত ১০ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল অন্যতম অভিযুক্ত দালাল আব্দুল কাদেৰক ৷ আব্দুল কাদেৰৰ স্বীকাৰোক্তিৰ ভিত্তিতে বৃহস্পতিবাৰে কয়াকুছি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শাখা প্ৰবন্ধক আলোক কুমাৰক ৷ বিহাৰৰ বাসিন্দা আলোক কুমাৰ বৰপেটাৰ ইউকো বেংকৰ শাখা প্ৰৱন্ধক হিচাপে বিগত তিনিবছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি আছিল ৷ শাখা প্ৰৱন্ধক আলোক কুমাৰ আৰু দালাল আব্দুল কাদেৰৰ নেতৃত্বতে ইউকো বেংকৰ বৰপেটা শাখাত প্ৰায় তিনি কোটি টকাৰ ঋণ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ বেংকৰ নিয়মীয়া উপভোক্তাক বিশেষ ঋণ আৰু দৰিদ্ৰ কৃষকক কে চি চি ঋণ প্ৰদানৰ নামত সংঘটিত হৈছিল এই বিয়াগোম কেলেংকাৰী ৷
ইতিমধ্যে, বৰপেটা সদৰ থানাত ৰুজু হোৱা গোচৰমৰ্মে কেলেংকাৰীটোৰ তদন্ত চলাই আছে কয়াকুছি আৰক্ষীয়ে ৷ শনিবাৰে বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হ’ব শাখা প্ৰৱন্ধক আলোক কুমাৰক ৷