বৰপেটা, ২৭ এপ্ৰিল:ৰাজ্যত এতিয়া মহামাৰী কৰ’ণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ মহামাৰী কৰ’ণাৰ ভয়াৱহতাৰ পৰা ৰাজ্যবাসীক সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰে ক'ভিড প্ৰট'কল বান্ধি দিছে ৷ প্ৰ'ট'কল অমান্য কৰা সকলৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰি আহিছে কঠোৰ ব্যৱস্থা ৷ বিশেষকৈ যাত্ৰীবাহী বাহন সমুহৰ চালক-পৰিচালকসকলে মাস্ক পৰিধান নকৰা আৰু বাহনত যাত্ৰী উঠোৱাৰ ক্ষেত্ৰত ক'ভিড প্ৰট'ক'ল অমান্য কৰা বাহন সমুহৰ বিৰুদ্ধে বৰপেটা পৰিবহণ বিভাগে কঠোৰ স্থিতি গ্ৰহণ কৰে ৷
যাত্ৰীৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত বৰপেটা পৰিবহণ বিষয়াৰ তৎপৰতা: অৰ্ধ শতাধিক বাহন জব্দ - সজাগতা
ক'ভিড প্ৰট'ক'ল অমান্য কৰা যান বাহন সমূহৰ বিৰুদ্ধে কঠোৰ হৈছে বৰপেটা প্ৰশাসন ৷ পৰিবহণ বিষয়া অপূৰ্ব কুমাৰ দাসৰ এক অভিযানত অত্যধিক যাত্ৰী উঠোৱা টেম্প', অটো, ই-ৰিস্কা আদিকে সামৰি প্ৰায় অৰ্ধ শতাধিক বাহন জব্দ ৷
![যাত্ৰীৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত বৰপেটা পৰিবহণ বিষয়াৰ তৎপৰতা: অৰ্ধ শতাধিক বাহন জব্দ barpeta-transport-department-seizeed-more-than-50-veichle-due-covid-rule-violation-etv-bharat-news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11557410-625-11557410-1619527292011.jpg)
যাত্ৰীৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত বৰপেটা পৰিবহন বিষয়াৰ তৎপৰতাঃ অৰ্ধ শতাধিক বাহন জব্দ
যাত্ৰীৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত বৰপেটা পৰিবহন বিষয়াৰ তৎপৰতাঃ অৰ্ধ শতাধিক বাহন জব্দ
অত্যধিক যাত্ৰী উঠোৱা বাহন সমূহৰ বিৰুদ্ধে পৰিবহণ বিষয়া অপূৰ্ব কুমাৰ দাসে সোমবাৰে এক অভিযান চলাই টেম্প', অটো, ই-ৰিস্কা আদিকে ধৰি প্ৰায় অৰ্ধ শতাধিক বাহন জব্দ কৰে ৷ শেহতীয়াভাৱে যান বাহন চলাচলৰ ক্ষেত্ৰত যাত্ৰীৰ সুৰক্ষাৰ বাবে চৰকাৰে ঘোষণা কৰা ক'ভিড প্ৰট'কল মানি চলিবলৈ আৰু চালকসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বাহন সমুহ জব্দ কৰে পৰিবহণ বিভাগে ৷