অসম

assam

ETV Bharat / state

জনীয়াত তৃনমূল কংগ্ৰেছৰ নিৰ্বাচনী সভা - FIRHAD HAKIM

অসমৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বংশধৰহে বিদেশী : এছাহাক আলী দেৱান

জনীয়াত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা

By

Published : Apr 18, 2019, 12:47 AM IST

Updated : Apr 18, 2019, 6:54 AM IST

জনীয়াত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা

বৰপেটা ১৭ এপ্ৰিল : ৰাজ্যত তৃতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠাৰ সময়তে বুধবাৰে তৃণমূল কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী এছাহাক আলী দেৱানৰ হৈ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় জনীয়াত । সভাত প্ৰধান বক্তা হিচাপে পশ্চিম বংগৰ কলিকতা পৌৰনিগমৰ মহানাগৰিক ফিৰহাদ হাকিম, নিৰ্দিষ্ট বক্তা হিচাপে পশ্চিম বংগৰ ৰাজ্য সভাৰ সাংসদ ডাঃ শান্তনু সেন, স্থানীয় বক্তা হিচাপে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ অধ্যক্ষ গোপিনাথ দাস, তৃণমূল কংগ্ৰেছ দলৰ ৬ নং বৰপেটা লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী এছাহাক আলী দেৱানে ৰাইজক উদ্দেশ্যি নিৰ্বাচনী ভাষণ প্ৰদান কৰে ।

ভাষণ প্ৰসঙ্গত প্ৰধান বক্তা ফিৰহাদ হাকিমে কয় যে, আমেৰিকাত এখন জাহাজ অথবা মটৰগাড়ী তৈয়াৰ হ'লে বা বাহিৰৰ পৰা গৈ এজন সন্তান জন্ম ল'লে আমেৰিকান বুলি কয় । অথচ ভাৰতত তিনি পুৰুষ জন্ম লোৱাৰ পাছতো ভাৰত চৰকাৰে বিদেশী সজাই হাৰাশাস্তি কৰে । যি অতিকৈ দূৰ্ভাগ্যজনক । ভাৰতীয় নাগৰিকৰ লগত চৰকাৰে কৰা এনে অন্যায়ৰ বিৰুদ্ধে লাঞ্ছিত-বঞ্চিত ৰাইজৰ হকে কংগ্ৰেছ তথা ইউ ডি এফে কোনো যোগাত্মক ভূমিকা লোৱা পৰিলক্ষিত হোৱা নাই বুলি বক্তা গৰাকীয়ে দুয়োটা দলকে ক্ষুৰধাৰ সমালোচনা কৰে ।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে ডাঃ শান্তনু সেনে ৰাইজক উদ্দেশ্যি কয় যে, এন আৰ চিৰ ক্ষেত্ৰত অতি কুটিলতাৰে ভাৰতীয় নাগৰিকৰ ১ লাখ ৪১ হেজাৰ মানুহক বাদ দিয়াৰ ষড়যন্ত্ৰৰ প্ৰতিবাদত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বঙ্গপাধ্যায়ে অসমলৈ এটা প্ৰতিনিধি দল প্ৰেৰণ কৰিছিল । কিন্তু নিষ্পেষিত মানুহৰ হকে অসমলৈ অহা সেই দলটোক গুৱাহাটী বিমান বন্দৰত অসম চৰকাৰে আটক কৰিছিল । দূৰ্নীতিগ্ৰস্থ বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ সাংসদ সুস্মিতা দেৱক এনে ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান কৰা হৈছিল যদিও এই ক্ষেত্ৰত দুৰ্ভগীয়া মানুহৰ সপক্ষে সুস্মিতা দেৱ তথা কংগ্ৰেছ-ইউ ডি এফ দলৰ পৰা কোনো যোগাত্মক ভূমিকা গ্ৰহণ কৰা নাছিল বুলিও দোহাৰে ।

সভাত তৃণমূল কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী এছাহাক আলী দেৱানে কয় যে, ভাৰতীয় ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সকল কেতিয়াও বিদেশী হ'ব নোৱাৰে । বৰঞ্চ অসমৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বংশধৰ সকলহে বিদেশী বুলি তাৎপয্যপূৰ্ণ মন্তব্য আগবঢ়ায় । পুনৰ কেন্দ্ৰত বিজেপি দল ক্ষমতালৈ আহিলে দেশত এনে এক জটিল আইন প্ৰস্তুত কৰিব যে, যি আইনৰ জৰিয়তে ধৰ্মীয় সংখ্যালঘুয়ে ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত হ'ব । বিজেপিৰ এই সংবিধান বিৰোধী কাৰ্যকলাপ শক্তিশালীভাৱে লোকসভাত বিৰোধ কৰিবলৈ মমতা বেনাৰ্জীৰ হাত মজবুত কৰাৰ নিমিত্তে তৃণমূল কংগ্ৰেছক ভোট দি বিপুল ভোটত জয়ী কৰিবলৈ প্ৰাৰ্থী দেৱানে ৰাইজক আহ্বান জনায় ৷

Last Updated : Apr 18, 2019, 6:54 AM IST

ABOUT THE AUTHOR

...view details