অসম

assam

By

Published : Aug 30, 2022, 5:02 PM IST

ETV Bharat / state

বিদ্যালয় চামিলকৰণৰ বিৰোধিতাৰে বৰপেটাত শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

বিদ্যালয় চামিলকৰণৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী ৷ মঙলবাৰে বৰপেটাৰ কুকাৰপাৰ আঞ্চলিক চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিলে শিক্ষা বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে (Barpeta student protest) ৷

Barpeta student protest
বিদ্যালয় চামিলকৰণৰ বিৰোধিতাৰে বৰপেটাত শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

বৰপেটা, ৩০ আগষ্ট: শ্ৰেণীকোঠা এৰি প্ৰতিবাদত বহিল শিক্ষাৰ্থী ৷ শিক্ষা বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে বৰপেটাৰ কুকাৰপাৰ আঞ্চলিক চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ৰ(Kukarpar senior secondary school) ছাত্ৰ-ছাত্ৰীসকলে মঙলবাৰে সাব্যস্ত কৰিলে প্ৰতিবাদ (Barpeta student protest)৷

বিদ্যালয় চামিলকৰণৰ বিৰোধিতাৰে বৰপেটাত শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক আৰু স্থানীয় লোকেও প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে ৷ বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ কুকাৰপাৰ আঞ্চলিক চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয় চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত চামিলকৰণৰ বিৰুদ্ধে প্ৰতিবাদত মুখৰ হৈ পৰে কুকাৰপাৰ আঞ্চলিক চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ৰ প্ৰাংগণ (Protest against school amalgamation) ।

কুকাৰপাৰ আঞ্চলিক চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়খন অন্য বিদ্যালয়লৈ স্থানান্তৰ কৰিলে আৰ্থিকভাৱে পিছপৰা অঞ্চলটোৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ যাতায়তকে ধৰি বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব বুলি প্ৰতিবাদকাৰীসকলে মন্তব্য কৰে । পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খন অন্য বিদ্যালয়ত চামিলকৰণ নকৰি একে স্থানতে ৰাখি বৃহত্তৰ অঞ্চলটোত শিক্ষাৰ পোহৰ বিলাবলৈও চৰকাৰৰ প্ৰতি আহ্বান জনায় প্ৰতিবাদকাৰীসকলে ৷

চৰকাৰৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই ‘বিদ্যালয় স্থানান্তৰকৰণ কৰা নচলিব’, ‘আমাৰ দাবী মানিবই লাগিব’ আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় লোকে ৷ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ এই প্ৰতিবাদৰ জৰিয়তে কুকাৰপাৰ আঞ্চলিক চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ক অন্য বিদ্যালয়ত চামিলকৰণ নকৰিবলৈ আহ্বান জনায় (School amalgamation in Barpeta) ৷

৭ নং দক্ষিণ-পূৱ সৰুক্ষেত্ৰী জিলা পৰিষদৰ সদস্য বাবুল আলী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ দৰবেশ আলী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চুমেচ আলী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ইয়াকুব আলী, অৱসৰপ্ৰাপ্ত প্ৰবক্তা ছিৰাজুল হক চৌধুৰী, সমাজসেৱক চান মহম্মদ আলীকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰি বিদ্যালয় চামিলকৰণৰ বিৰোধিতা কৰে ৷

লগতে পঢ়ক:জৱাহৰ নৱোদয় বিদ্যালয়ত ৰেগিঙৰ নামত ছাত্ৰক উপৰ্যুপৰি প্ৰহাৰ

ABOUT THE AUTHOR

...view details