অসম

assam

By

Published : Oct 11, 2020, 8:47 AM IST

ETV Bharat / state

SI কাণ্ডৰ সৈতেও জড়িত বৰপেটাত গ্ৰেপ্তাৰ হোৱা ৰেলৱে কৰ্মচাৰী দেৱৰাজ দাস

বৰপেটা গান্ধীনগৰৰ ৰেলৱে বিভাগৰ কৰ্মচাৰী দেৱৰাজ দাসৰ ঘৰত নগদ ধন উদ্ধাৰৰ ঘটনাক লৈ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ সংবাদমেল ৷

barpeta sp press meet regarding si scam and arrested  railway employee
SI কাণ্ডৰ সৈতেও জড়িত বৰপেটাত গ্ৰেপ্তাৰ হোৱা ৰেলৱে কৰ্মচাৰী দেৱৰাজ দাস

বৰপেটা 11 অক্টোৱৰঃ বৰপেটা গান্ধীনগৰৰ ৰেলৱে বিভাগৰ কৰ্মচাৰী দেৱৰাজ দাসৰ ঘৰত বুজন পৰিমানৰ নগদ ধন উদ্ধাৰৰ ঘটনাক লৈ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ সংবাদমেল ৷ দেৱৰাজ দাসৰ ঘৰৰ পৰা জব্দ হোৱা ধনৰ পৰিমান ১ কোটি ৮৩ লাখ ৫৫ হাজাৰ ৭৪০ টকা ৷ ইতিমধ্যে শুকুৰবাৰে পুৱতি নিশাৰ পৰা চলা অভিযানত নগদ ধন উদ্ধাৰৰ লগতে দেৱৰাজ দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ নিউ বঙাইগাৱত ৰেলৱেৰ চিনিয়ৰ লকো ইন্সপেক্টৰ হিচাপে কৰ্মৰত দেৱৰাজ দাস আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰীৰ সৈতেও জড়িত বুলি সদৰি কৰে আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে ৷

SI কাণ্ডৰ সৈতেও জড়িত বৰপেটাত গ্ৰেপ্তাৰ হোৱা ৰেলৱে কৰ্মচাৰী দেৱৰাজ দাস
ইপিনে দেৱৰাজ দাসৰ ঘৰৰ পৰা নগদ ধনৰ লগতে বহু সংখ্যক নথি পত্ৰও জব্দ কৰিছে আৰক্ষীয়ে ৷ অবশ্যে জব্দ কৰা নথি সম্পৰ্কে কেনো কথা প্ৰকাশ কৰা নাই আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰীৰ তদন্ত চলাই যোৱা চি.আই.ডিৰ হাতত দেওবাৰে হস্তান্তৰ কৰিব গ্ৰেপ্তাৰ কৰা দেৱৰাজ দাসক ৷লগতে পঢ়কঃ জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত 4 সন্ত্ৰাসবাদী

ABOUT THE AUTHOR

...view details