অসম

assam

ETV Bharat / state

সংখ্যালঘু বন্যাৰ্তক সাহাৰ্য প্ৰদান নকৰাৰ অভিযোগ ছাত্ৰ সংগঠনৰ - বানৰ সংহাৰী ৰূপ

বান অহাৰ দুটা পষেক পাৰ হোৱাৰ পাছতো বানাক্ৰান্ত ৰাইজলৈ সাহাৰ্য প্ৰদান নকৰা বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰফুল ইছলামে ৷ উল্লেখ্য যে, উক্ত জিলাসমূহ সংখ্যালঘু অধ্যুষিত হোৱাৰ বাবেই চৰকাৰে অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ৷

flood relief
সংখ্যালঘু বন্যাৰ্তক সাহাৰ্য প্ৰদান নকৰাৰ অভিযোগ ছাত্ৰ সংগঠনৰ

By

Published : Jul 5, 2020, 1:01 PM IST

জনীয়া, 5 জুলাই :ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ ৷ বানপ্ৰলয়ত ক্ষতিগ্ৰস্ত ৰাজ্যৰ প্ৰায় 25,51,935 গৰাকী লোক ৷ বানাক্ৰান্ত লোকৰ সাহাৰ্যাৰ্থে স্থাপন কৰা হৈছে বহুসংখ্যক আশ্ৰয় শিবিৰ ৷ ঠায়ে ঠায়ে চৰকাৰ তথা জিলা প্ৰশাসনে খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে যদিও ইয়াৰ মাজতো বৰপেটা, দক্ষিণ শালমাৰা আৰু গোৱালপাৰা জিলাৰ বহু সংখ্যক বন্যাৰ্তই বান সাহাৰ্য নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

সংখ্যালঘু বন্যাৰ্তক সাহাৰ্য প্ৰদান নকৰাৰ অভিযোগ ছাত্ৰ সংগঠনৰ

লগতে পঢ়কঃৰাজ্যত বানত মৃত্যু 37 জনৰ

বান অহাৰ দুটা পষেক পাৰ হোৱাৰ পাছতো বানাক্ৰান্ত ৰাইজলৈ সাহাৰ্য প্ৰদান নকৰা বুলি সাংবাদ মাধ্যমৰ আগত অৱগত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰফুল ইছলামে ৷ উল্লেখ্য যে, উক্ত জিলা সমূহ সংখ্যালঘু অধ্যুষিত হোৱাৰ বাবেই চৰকাৰে অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ৷ শীঘ্ৰে বানাক্ৰান্তখিনিক সাহাৰ্য প্ৰদানৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে ৷ ইফালে, দেওবাৰে ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 37 জনলৈ বৃদ্ধি পাইছে ৷ বৰ্তমানো জলমগ্ন ৰাজ্যৰ 18 খন জিলাৰ 43 টা ৰাজহ চক্ৰৰ 1,568 খন গাঁও ৷

লগতে পঢ়কঃঅসমৰ ৰাজভৱন চৌহদক কনটেইনমেন্ট জ'ন ঘোষণা

ABOUT THE AUTHOR

...view details