বৰপেটা, 24 ফেব্ৰুৱাৰীঃ সৰভোগৰ খৰিচালা শ্মশান ঘাটত সাংবাদিক আৰু ৰাইজক আক্ৰমণ কৰা ৭ জুৱাৰীৰ ক্ষমা ভিক্ষা । বিগত ১৩ ফেব্ৰুৱাৰীত সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত খৰিচালা শ্মশান ঘাটত জুৱা খেলৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা ৭ গৰাকীকৈ সাংবাদিকৰ লগতে এজন স্থানীয় লোকক জুৱাৰীৰ দলে শাৰীৰিক আক্ৰমণ কৰে । ঘটনা সন্দৰ্ভত ভুক্তভোগী সাংবাদিক আৰু আব্দুল জুব্বাৰ নামৰ এজন লোকে সৰভোগ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিতে সৰভোগ আৰক্ষীয়ে অপৰাধীক কৰায়ত্ব কৰিবলৈ বিভিন্ন ধৰণৰ অভিযান চলায় যদিও অপৰাধীকেইজন পলাই ফুৰে । উপায়ন্তৰ হৈ ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনৰ মধ্যস্থতাত জুৱাৰী সকলে সামাজিক মেলত উপস্থিত হয়। উক্ত মেলত জুৱাৰী কেইজনে কলগাছিয়া সাংবাদিক সন্থাৰ উপৰি সমগ্ৰ অসমৰ সংবাদ জগত আৰু ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি ভৱিষ্যতে এনে কামত লিপ্ত নাথাকে বুলি প্ৰতিশ্ৰুতি দিয়ে।
সৰভোগৰ সাংবাদিক আক্ৰমণকাৰীৰ ৰাজহুৱা ক্ষমা - barpeta
বিগত ১৩ ফেব্ৰুৱাৰীত সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত খৰিচালা শ্মশান ঘাটত জুৱা খেলৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা ৭ গৰাকীকৈ সাংবাদিকক আক্ৰমণকাৰীয়ে ৰাজহুৱা ক্ষমা বিচাৰে ভুক্তভোগী সাংবাদিক কেইগৰাকীক ৷
সৰভোগৰ সাংবাদিক আক্ৰমণকাৰীৰ ৰাজহুৱা ক্ষমা
Last Updated : Feb 25, 2020, 8:00 AM IST