অসম

assam

ETV Bharat / state

জগন্নাথ বায়ন আৰু অৰ্জুন চন্দ্ৰ দাসলৈ 'বৰপেটা শিৰোমণি' বঁটা - মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অৰ্জুন চন্দ্ৰ দাস

সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক, সত্ৰীয়াশিল্পী জগন্নাথ বায়ন আৰু শিক্ষাবিদ অৰ্জুন চন্দ্ৰ দাসলৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ 'বৰপেটা শিৰোমণি' বঁটা ৷

জগন্নাথ বায়ন আৰু অৰ্জুন চন্দ্ৰ দাসলৈ 'বৰপেটা শিৰোমণি' বঁটা
জগন্নাথ বায়ন আৰু অৰ্জুন চন্দ্ৰ দাসলৈ 'বৰপেটা শিৰোমণি' বঁটা

By

Published : Aug 28, 2020, 4:49 PM IST

বৰপেটা, 28 আগষ্ট : বৰপেটাৰ সত্ৰীয়া সংস্কৃতি আৰু সমাজ জীৱনলৈ অনবদ্য অবদান আগবঢ়োৱা বৰপেটাৰ দুগৰাকী বিশিষ্ঠ ব্যক্তিক বৰপেটা শিৰোমনি বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷ বৰপেটাৰ সত্ৰীয়াসাধক সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক জগন্নাথ বায়ন আৰু শিক্ষাবিদ অৰ্জুন চন্দ্ৰ দাসক আজি বহু বিশিষ্ঠ লোকৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত 'বৰপেটা শিৰোমণি' বঁটা প্ৰদান কৰা হয় ৷

বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা সমাজ সংগঠক অৰ্জুন চন্দ্ৰ দাসলৈ লৈ 'বৰপেটা শিৰোমণি' বঁটা

শিৰোমণি বঁটা প্ৰদান সমিতিৰ উদ্যোগত বৰপেটা জিলা পুঁথিভৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত বৰপেটাৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই সত্ৰীয়া সাধক জগন্নাথ বায়নক 2019 বৰ্ষৰ আৰু বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা সমাজ সংগঠক অৰ্জুন চন্দ্ৰ দাসক 2020 বৰ্ষৰ বঁটা প্ৰদান কৰে ৷

সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক, সত্ৰীয়াশিল্পী জগন্নাথ বায়নলৈ 'বৰপেটা শিৰোমণি' বঁটা

বঁটাৰ সৈতে দুয়োগৰাকী ব্যক্তিকে চেলেং-চাদৰ,স্মাৰক আৰু নগদ 25হাজাৰ টকা আগবঢ়োৱা হয় ৷ অৱশ্যে অৰ্জুন চন্দ্ৰ দাসে এই বঁটাৰ সৈতে লাভ কৰা 25হাজাৰ টকা বঁটা প্ৰদান সমিতিৰ পূঁজি গঠনৰ বাবে আগবঢ়ায় ৷ অনুষ্ঠানত বঁটা প্ৰদান সমিতিৰ সভাপতি উদ্ধৱ চন্দ্ৰ দাস,বৰপেটাৰ উন্নয়ন আয়ুক্ত ডাঃ বাবুল চহৰীয়াই অংশগ্ৰহন কৰে ৷

জগন্নাথ বায়ন আৰু অৰ্জুন চন্দ্ৰ দাসলৈ 'বৰপেটা শিৰোমণি' বঁটা

বঁটাপ্ৰদান অনুষ্ঠানত অংশগ্ৰহন কৰি বৰপেটাৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই বঁটা প্ৰদান সমিতিৰ এই উদ্যোগৰ প্ৰশংসা কৰাৰ লগতে আনক সন্মান দিব পাৰিলেহে নিজে সন্মানিত হয় বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক :তিনিখনকৈ শান্তি চুক্তিয়েও শান্তি ঘূৰাই আনিব নোৱাৰিলে বড়োভূমিলৈ

ABOUT THE AUTHOR

...view details