অসম

assam

ETV Bharat / state

মধ্যাহ্ন ভোজনঃ মুখ খুলিলে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই - বৰপেটা বাতৰি

মধ্যাহ্ন ভোজনৰ দায়িত্ব এন জি অক দিয়া সন্দৰ্ভত প্ৰথমবাৰলৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ৷ হঠাৎ বৰপেটাৰ নাৰ্চাৰী কাম প্ৰাইমাৰী স্কুলত চাডেন ভিজিট শিক্ষামন্ত্ৰীৰ ৷

ৰাজ্যজুৰি মধ্যাহ্ন ভোজন ৰান্ধনীৰ প্ৰতিবাদ: মুখ খুলিলে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই

By

Published : Nov 5, 2019, 6:01 PM IST

Updated : Nov 5, 2019, 6:08 PM IST

বৰপেটা, 5 নৱেম্বৰ: চৰকাৰে মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব এন জি অ দিয়াক লৈ ৰাজ্যজুৰি মধ্যাহ্ন ভোজন ৰান্ধনী-সহায়িকাৰ প্ৰতিবাদৰ জোৱাৰ উঠাৰ সময়তে এই সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিলে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ মধ্যাহ্ন ভোজনকলৈ অব্যাহত থকা বিতৰ্কৰ মাজতে মঙলবাৰে হঠাৎ বৰপেটাত উপস্থিত হয় শিক্ষামন্ত্ৰী গৰাকী ৷ পুৱাই বৰপেটাৰ নাৰ্চাৰী কাম প্ৰাইমাৰী স্কুলত উপস্থিত হৈ শিক্ষামন্ত্ৰী জনে মধ্যাহ্ন ভোজনৰ খাদ্যৰ গুনাগুন সম্পৰ্কে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰীৰ পৰা মতামত গ্ৰহন কৰে ৷ ইয়াৰ পাছতে সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব এন জি অ দিয়াক লৈ সৃষ্টি হোৱা বিৰ্তক সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷

মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব এন জি অ দিয়া চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰি মন্ত্ৰীগৰাকীয়ে একাংশ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বাবে মধ্যাহ্নভোজন ব্যৱস্থাটো সোণৰ কণী পৰা হাঁহত পৰিণত হৈছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ তেঁও কয়, " মধ্যাহ্ন ভোজনক লৈ একাংশই ৰাজনীতি কৰিব বিচাৰিছে এয়া এটা গৰ্হিত কাৰ্য ৷ শিশুৰ মুখৰ ভাত কাঢ়ি কোনোবাই দুপইচা উপাৰ্জন কৰাতো কেতিয়াও হবলৈ দিব নোৱাৰি" ৷ এতিয়ালৈকে মধ্যাহ্ন ভোজনৰ নিম্নমানৰ খাদ্য সম্পৰ্কে কোনেও লিখিত অভিযোগ প্ৰদান কৰা নাই বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় ," নিম্নমানৰ খাদ্য সম্পৰ্কে প্ৰশাসনক লিখিত অভিযোগ দিলেই সংশ্লিষ্ট সংস্থাটোৰ ওপৰত বিহীত ব্যৱস্থা লবলৈ ৰাজ্য চৰকাৰ প্ৰতিজ্ঞাবদ্ধ"৷

আনহাতে, ৰাজ্যজুৰি মধ্যাহ্ন ভোজন ৰান্ধনীৰ প্ৰতিবাদ কঠোৰ হাতেৰে দমন কৰা হব বুলিও সাংবাদিকৰ আগত জানিবলৈ দিয়ে সিদ্ধাৰ্থ ভট্টাচাৰ্যই, প্ৰতিবাদকাৰী সকলক আইন হাতত তুলি নলবলৈ তেওঁ সকীয়াই দি কয়, "মধ্যাহ্ন ভোজনৰ খাদ্য কাঢ়ি পেলাই দিয়া সকলক ইতিমধ্যে চিনাক্ত কৰা হৈছে, অতি শীঘ্ৰে তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হব " ৷ শেষত মধ্যাহ্ন ভোজনৰ ঠিকা প্ৰদানৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে কমিচনৰ অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, " মোৰ ইমানো বেয়া দিন অহা নাই যে মই শিশুসকলৰ মুখৰ ভাত কাঢ়ি খাব লাগিব "৷

মধ্যাহ্ন ভোজনৰ দায়িত্ব এন জি অক দিয়া সন্দৰ্ভত প্ৰথমবাৰলৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

অধিক পঢ়ক :শান্তি আৰু ভাতৃত্বৰ বাণীৰে 6 দেশ ভ্ৰমণ গুৱাহাটীৰ বাইকাৰৰ

Last Updated : Nov 5, 2019, 6:08 PM IST

ABOUT THE AUTHOR

...view details