জনীয়া,19 এপ্ৰিল: ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বৰপেটা জিলাতো ক্ৰমাৎ ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ সকলো নিম্ন প্ৰাথমিকৰ পৰা প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয় সোমবাৰৰ পৰা ৮ মে' পৰ্যন্ত বন্ধ ৰাখিবলৈ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই নিৰ্দেশ জাৰি কৰিছে । ৰাজ্য চৰকাৰে শেহতীয়াভাৱে ধাৰ্য কৰা ক'ভিড প্ৰট’কলৰ আধাৰতে জিলা উপায়ুক্ত গৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জিলাখনৰ তথ্য আৰু জনসংযোগ বিভাগে জনাইছে ।
৮ মে'লৈ বন্ধ বৰপেটাৰ প্ৰাথমিক বিদ্যালয়সমূহ
বৰপেটা জিলাতো ক্ৰমাৎ ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ সকলো নিম্ন প্ৰাথমিকৰ পৰা প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয় সোমবাৰৰ পৰা ৮ মে' পৰ্যন্ত বন্ধ ৰাখিবলৈ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই নিৰ্দেশ জাৰি কৰিছে ।
এই নিয়ম চৰকাৰী আৰু বে-চৰকাৰী উভয় বিদ্যালয়ৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব । অৰ্থাৎ পঞ্চম শ্ৰেণীলৈ সকলো বিদ্যালয়ত পাঠদান বন্ধ থাকিব । এইসকল ছাত্ৰ-ছাত্ৰীক অনলাইনযোগে পাঠদান কৰিবলৈ শিক্ষানুষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে । আনহাতে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ নিয়মীয়া পাঠদান অব্যাহত ৰাখিবলৈ কোৱা বাবে এইক্ষেত্ৰত ক'ভিড নিয়মাৱলীসমূহ কঠোৰভাৱে মানি চলিবলৈকো নিৰ্দেশ জাৰি কৰা হৈছে ৷ উল্লেখ্য যে, যোৱা কেইদিনত বৰপেটা জিলাত ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে ।
লগতে পঢ়ক: অৱশেষত নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ল "ছেবা"