জনীয়া,২৭ এপ্ৰিল: বৰপেটা জিলাত ক'ভিড পজিটিভ ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত জিলাখনত মঙলবাৰৰ পৰা অষ্টম শ্ৰেণী আৰু ইয়াৰ তলৰ সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শ্ৰেণীকোঠাৰ পাঠদান বন্ধ থাকিব । এই নিৰ্দেশ চৰকাৰী আৰু বেচৰকাৰী উভয় ক্ষেত্ৰতে প্ৰযোজ্য হ'ব । অৱশ্যে ছাত্ৰ-ছাত্ৰীসকল যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে অনলাইন যোগে পাঠদান কৰিবলৈ শিক্ষানুষ্ঠান সমূহক নিৰ্দেশ দিছে প্ৰশাসনে ।
বৰপেটাৰ বিদ্যালয় সমূহত অষ্টম শ্ৰেণীলৈ পাঠদান বন্ধ
বৰপেটা জিলাৰ উপাযুক্ত মুনিন্দ্ৰ শৰ্মাই জানিব দিয়া মতে, বৰপেটা জিলাত একে দিনাই শতাধিক কʼভিড পজিটিভ চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰৰ পৰা অষ্টম শ্ৰেণী আৰু ইয়াৰ তলৰ সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শ্ৰেণীকোঠাৰ পাঠদান বন্ধ থাকিব । ছাত্ৰ-ছাত্ৰীসকল যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে অনলাইন যোগে পাঠদান কৰিবলৈ শিক্ষানুষ্ঠান সমূহক নিৰ্দেশ দিছে প্ৰশাসনে ।
বৰপেটাত অষ্টম শ্ৰেণীলৈ বিদ্যালয়ৰ পাঠদান বন্ধ
বৰপেটা জিলাৰ উপাযুক্ত মুনিন্দ্ৰ শৰ্মাই জানিব দিয়া মতে, বৰপেটা জিলাত একে দিনাই শতাধিক কʼভিড পজিটিভ চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিততে এনে সিদ্ধান্ত গ্ৰহণ কৰা হয় । অহা ৮ মে'লৈকে এই নিৰ্দেশ প্ৰযোজ্য হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । অৱশ্যে নৱম শ্ৰেণীৰ পৰা উচ্চতৰ পৰ্যায়ৰ শ্ৰেণীৰ বিদ্যালয়ত ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে পাঠদানত অংশ লোৱাৰ অনুমতি বাহাল ৰখা হৈছে ।