অসম

assam

ETV Bharat / state

বামপন্থী সকল বৌদ্ধিক সন্ত্ৰাসবাদীঃ সত্য ৰঞ্জন বৰা

ইছলামিক সন্ত্ৰাসবাদীয়ে লাভ জেহাদৰ নামত মাটি জেহাদৰ দৰে কাম কৰি আহিছে বুলিও মন্তব্য আগবঢ়ায় ৷ নেতাগৰাকীয়ে লগতে কয় যে, ইছলাম ধৰ্মৰ ধৰ্মগ্ৰন্থ কোৰাণখন এশ চৈধ্য বাৰ এডিট কৰা হৈছে ৷

barpeta sattya ranjan bora at sorbhog
বামপন্থী সকল বৌদ্ধিক সন্ত্ৰাসবাদীঃ সত্য ৰঞ্জন বৰা

By

Published : Sep 13, 2020, 10:16 PM IST

বৰপেটাৰোড ,13 চেপ্তেম্বৰঃবামপন্থী সকল বৌদ্ধিক সন্ত্ৰাসবাদী ৷ বৌদ্ধিক সন্ত্ৰাসবাদী বামপন্থীসকলে হিন্দু সমাজখনক বিভাজিত কৰি ৰখাৰ বাবে হিন্দু জাগৰণ মঞ্চৰ নেতা সত্যৰঞ্জন বৰাৰ প্ৰধান শত্ৰু বামপন্থীসকল ৷ বামপন্থীসকলে হিন্দু সভ্যতা সংস্কৃতিৰো শত্ৰু বুলি অভিহিত কৰে হিন্দু জাগৰণ মঞ্চৰ এই নেতাগৰাকীয়ে ৷

বামপন্থী সকল বৌদ্ধিক সন্ত্ৰাসবাদীঃ সত্য ৰঞ্জন বৰা

সৰভোগৰ ব্ৰজসদনত দেওবাৰে জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণ যাত্ৰাত অংশলৈ লাভ জেহাদ,ইছলামিক আগ্ৰাসন আৰু হিন্দু চেতনা জাগৰণ সম্পৰ্কীয় এক আলোচনা সভাত নেতাগৰাকীয়ে কয় যে, বামপন্থীসকলে ইছলামিক সন্ত্ৰাসবাদী আৰু মৌলবাদীসকলৰ লগত মিলি একেলগে কাম কৰি আছে ৷ ইছলামিক সন্ত্ৰাসবাদীয়ে লাভ জেহাদৰ নামত মাটি জেহাদৰ দৰে কাম কৰি আহিছে বুলিও মন্তব্য আগবঢ়ায় ৷ নেতাগৰাকীয়ে লগতে কয় যে, ইছলাম ধৰ্মৰ ধৰ্মগ্ৰন্থ কোৰাণখন এশ চৈধ্য বাৰ এডিট কৰা হৈছে ৷ লগতে ইছলাম ধৰ্মৰ কাদিয়ানী ছিয়া চুন্নীৰ কোৰাণখন বেলেগ বেলেগ কিয় বুলি প্ৰশ্ন উত্থাপন কৰি গীতাৰ এটা শ্লোকও ইফাল সিফালকৈ কোনেও লিখিব নোৱাৰে বুলিও কয় নেতা গৰাকীয়ে

বামপন্থী সকল বৌদ্ধিক সন্ত্ৰাসবাদীঃ সত্য ৰঞ্জন বৰা

ইপিনে কোৰান পঢ়াৰ পাছত ইউৰোপ,পাকিস্তানৰ দৰে দেশত মুছলমানসকলে বেলেগ ধৰ্ম গ্ৰহণ কৰি প্ৰাক্তন মুছলমান হৈ গৈছে বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে ৷ কোৰাণৰ বিষয়ে গৰিষ্ঠসংখ্যক লোকেই নুবুজে ৷ একমাত্ৰ মৌলানা মুফতি আৰু মাদ্ৰাছাত অধ্যয়ন কৰি থকা লোকেহে বুজি পায় ইছলাম আৰু কোৰানক ৷ ইপিনে ইছলামৰ আগ্ৰাসনৰ বাবে মুছলমানৰ অত্যাচাৰত মইনবড়ীৰ পৰা মইনবড়ী সত্ৰ সৰভোগলৈ আহিল বুলিও মন্তব্য কৰে সত্যৰঞ্জন বৰাই ৷ সত্যৰঞ্জন বৰাই কোৱা কথা যদি সাম্প্ৰদায়িক হয় আৰু সেই ভুলটো যদি কোনোবাই ধৰি দিব পাৰে তেন্তে তেনে ভুল কথা দ্বিতীয়বাৰ নকয় বুলি মন্তব্য প্ৰকাশ কৰে ৷ ইয়াৰ লগতে সত্যৰঞ্জন বৰাই উল্লেখ কৰে যে,তেঁও যদি সাম্প্ৰদায়িক তেন্তে অসমৰ প্ৰতিটো মছজিদ মাদ্ৰাছাৰ ইমামবোৰো সাম্প্ৰদায়িক ৷

লগতে পঢ়কঃধুবুৰীত আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহৰ অভিযোগ

ABOUT THE AUTHOR

...view details