অসম

assam

অযোধ্যা বিবাদৰ ৰায়দানক আদৰণি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াৰ

By

Published : Nov 9, 2019, 5:27 PM IST

উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰনি জনাইছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই আজি দীৰ্ঘদিনীয়া সমস্যা এটাৰ সমাধানৰ বাবে মুখ্য ন্যায়াধীশ ৰঞ্জণ গগৈৰ লগতে ন্যায়াধীশসকলক ধন্যবাদ জনায় ৷ মছজিদৰ নামত 5 একৰ ভূমিৰ আৱন্টনকো আদৰনি জনাই কয় যে "আমাক ৰাম মন্দিৰো লাগিব আৰু মছজিদো লাগিব ৷

অযোধ্যা বিবাদৰ ৰায়দানক আদৰণি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াৰ

বৰপেটা, 9 নৱেম্বৰঃ অৱশেষত প্ৰদান কৰা হ'ল বহু চৰ্চিত অযোধ্যা বিবাদৰ ৰায়দান ৷ উচ্চতম ন্যায়ালয়ৰ ৰায়দানক সমগ্ৰ দেশবাসীয়ে আদৰণি জনায় ৷ উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই আজি দীৰ্ঘদিনীয়া সমস্যা এটাৰ সমাধানৰ বাবে মুখ্য ন্যায়াধীশ ৰঞ্জণ গগৈৰ লগতে ন্যায়াধীশসকলক ধন্যবাদ জ্ঞাপন কৰে ৷ মছজিদৰ নামত 5 একৰ ভূমিৰ আৱন্টনৰ ৰায়দানক আদৰণি জনাই কয় যে "আমাক ৰাম মন্দিৰো লাগিব আৰু মছজিদো লাগিব ৷'' লগতে এই ৰায়ক লৈ যাতে কোনেও অশান্তি বিয়পাব নোৱাৰে তাৰবাবে শান্তি সম্প্ৰীতি আৰু সন্মতিৰে এই ৰায়দানক মানি লবলৈ সকলোৰে প্ৰতি আহ্বান বুঢ়াসত্ৰীয়াগৰাকীৰ ৷

অযোধ্যা বিবাদৰ ৰায়দানক আদৰণি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াৰ

শংকৰদেৱ বঁটাপ্ৰাপক তথা শংকৰদেৱৰ নীতি আদৰ্শৰ একনিষ্ঠ সেৱক বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়ে এটা বহুদিনীয়া আশা পূৰণ কৰা বুলিও মন্তব্য কৰি ৰামক মৰ্যাদাৰ প্ৰতীক বুলি অভিহিত কৰে ৷ ইয়াৰোপৰি মুছলমানেও ৰামক সন্মান কৰে আৰু আমিও মছজিদৰ সন্মুখেৰে পাৰ হৈ যাওঁতে সদায়েই মূৰ দোৱাওঁ আৰু তাৰ বাবে মোৰ ধৰ্ম হানি হ'ব বুলি নাভাবো বুলি মন্তব্য কৰি কয় আমি সকলোৱে মিলা-প্ৰীতিৰে থাকিলেহে সমাজ বৰ্তি থাকিব ৷ হিন্দু মুছলমান সকলো সম্প্ৰদায়ে দেশৰ উন্নতিৰ বাবে ভাৰতীয় হিচাপে চিনাকি দিব লাগিব আৰু পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষক উজ্জ্বল নক্ষত্ৰ হিচাপে নিৰ্মাণৰ আশাও ব্যক্ত কৰে বুঢ়াসত্ৰীয়াগৰাকীয়ে ৷

আৰু পঢ়কঃ আযোধ্যা ৰায়দানৰ দ্বাৰা বিশ্বক একতাৰ বাৰ্তা দিয়া সুযোগ: ৰামদেৱ

For All Latest Updates

ABOUT THE AUTHOR

...view details