বৰপেটা, ১৪ এপ্ৰিলঃ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ সংক্ৰমণ জেঠৰ শেষৰ পৰ্যায়ৰ পৰা কিছু কমিব ৷ লগতে নৱেম্বৰৰ 10 তাৰিখৰ ভিতৰত এই মহামাৰীৰ অন্ত পৰিব ৷ কৰ'ণাৰ প্ৰভাৱৰ পৰা শীঘ্ৰে মুক্ত হোৱাৰ বাবে প্ৰতি শনিবাৰে বিশ্ববাসীক তুলসী তলত তিল তেলৰ চাকি জ্বলোৱাৰ বিধান দিয়ে বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে ৷ পূৰ্ব পৰম্পৰা অনুসৰি বৰপেটা সত্ৰত এইবেলি অনুষ্ঠিত কৰা নহ'ল বিহু গণনা ৷ লক ডাউনৰ বাবে সত্ৰখনৰ বিহু গণনা বাতিল কৰি, সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে বৰপেটা প্ৰেছ ক্লাৱত এখন সংবাদ মেল সম্বোধন কৰে ৷
সংবাদ মেলত দৈৱজ্ঞগৰাকীয়ে অসমৰ লগতে দেশৰ ৰাজনীতি সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণী কৰে ৷ তেওঁ কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শুভ দশা চলি থাকিব ৷ সৰ্বানন্দ সোণোৱালৰ জন্ম লগ্নত শনি, মংগল আৰু বৃহস্পতি অৱস্থান কৰা বাবে মুখ্যমন্ত্ৰীগৰাকীৰ বাবে বছৰটো শুভ আৰু ৰাজনৈতিকভাৱে শুভফল লাভৰ যোগ আছে ৷ সৰ্বানন্দ সোণোৱাল, তৰুণ গগৈ, প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি ৰাজ্যখনৰ ৰাজনৈতিক নেতাসকলৰ বৰ্ষফল গণনা অনুসৰি সৰ্বানন্দ সোণোৱালৰ ভাগ্যফল শুভ আৰু তেওঁ শ্ৰেষ্ঠ ফল লাভ কৰিছে বুলি জনাই দৈৱজ্ঞগৰাকীয়ে ৷ সেয়ে 2021 চনত ৰাজ্যত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি প্ৰকাশ কৰে ত্ৰিদীপ শৰ্মা দলৈয়ে ৷ অৱশ্যে সৰ্বানন্দ সোণোৱালৰ শাৰিৰীক, মানসিক কষ্টৰ যোগ থকাৰ কথাও ব্যক্ত কৰে দৈৱজ্ঞই ৷