নিউজ ডেক্স,২২ এপ্ৰিলঃ সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা অনুসৰি অনুষ্ঠিত হয় বৰপেটাৰ প্ৰতিটো উৎসৱ, অনুষ্ঠান তথা তিথি -পাৰ্বণ ৷ বৰপেটাত সম্পূৰ্ণ সত্ৰীয়া ৰীতি পৰম্পৰাৰে সাতদিনীয়াকৈ পালন কৰা ব'হাগ বিহুৰ দেওবাৰে সামৰণি পৰে থিয় নাম প্ৰসংগৰে । বৰপেটা সত্ৰৰ দালানৰ সন্মুখত অনুষ্ঠিত হোৱা সাত বিহুৰ থিয় নামত অংশগ্ৰহণ কৰে অসংখ্য ভক্ত বৈষ্ণৱে ।
বৰপেটা সত্ৰত থিয় নাম পৰ্বৰে সামৰণি পৰিল সাতবিহু
দেওবাৰে বৰপেটাত থিয় নাম প্ৰসংগৰে সামৰণি পৰে সম্পূৰ্ণ সত্ৰীয়া ৰীতি পৰম্পৰাৰে সাতদিনীয়াকৈ পালন কৰা ব'হাগ বিহু
গৰু বিহুৰ পৰা আৰম্ভ হোৱা সাতদিনীয়া ব'হাগ বিহু পালনৰ ক্ষেত্ৰত বৰপেটাত আছে কিছু সুকীয়া পৰম্পৰা ৷ বৰপেটাত বিহু পালনৰ ক্ষেত্ৰতো সত্ৰীয়া ৰীতি আৰু পৰম্পৰাক মানি চলা হয় ৷ বৰপেটাত বৈহাগৰ দোমাহী হিচাপে পৰিচিত ব'হাগ বিহুৰ দেওবাৰে আছিল সাতবিহু ৷ দেওবাৰে চেৰা বিহুৰ পৰম্পৰা অনুসৰিয়েই সন্ধিয়া বৰপেটা সত্ৰৰ দালানৰ সন্মুখত অনুষ্ঠিত হয় বিৰাট থিয় নাম।বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাৰ লগতে ডেকাসত্ৰীয়া প্ৰমুখ্যে ভকত বৈষ্ণৱৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় থিয় নাম। সাত বিহুৰ সামৰণী উপলক্ষে অনুষ্ঠিত এই থিয় নামৰ সৈতে জড়িত আছে বৰপেটা সত্ৰৰ বহু বিশেষত্ব ৷ উল্লেখ্য যে ,এই থিয় নামৰ বাবে ব্যৱহাৰ কৰা চন্দ্ৰতাপখনৰো আছে বিশেষ গুৰুত্ব ।