অসম

assam

ETV Bharat / state

সত্ৰীয়া পৰম্পৰাৰে বৰপেটাত ভোগালী বিহু উদযাপন

১৪ জানুৱাৰীত উৰুকা পালন কৰাৰ পাছত ১৫ জানুৱাৰীৰ পুৱা সত্ৰৰ নৈমিত্তিক প্ৰসংগৰ পিছত পূৰ্বৰে পৰা চলি অহা ৰীতি নীতিৰে সত্ৰৰ টুপৰ চোতালত বিৰিণাৰে সজা মেজিত অগ্নি সংযোগ কৰা হয় ৷ সত্ৰৰ টুপৰ চোতালত মেজি জ্বলোৱা সময়ত উপস্থিত থাকে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাকে ধৰি সত্ৰৰ ভকত বৈষ্ণৱ আৰু ভক্তপ্ৰাণ ৰাইজ ৷

সত্ৰীয়া পৰম্পৰাৰে বৰপেটাত ভোগালী বিহু উদযাপন
সত্ৰীয়া পৰম্পৰাৰে বৰপেটাত ভোগালী বিহু উদযাপন

By

Published : Jan 15, 2021, 12:09 PM IST

বৰপেটা ১৫ জানুৱাৰীঃ সত্ৰীয়া ৰীতি নীতি তথা পৰম্পৰাৰে আজি বৰপেটা সত্ৰত জ্বলোৱা হ’ল মাঘৰ উৰুকাৰ মেজি ৷ ১৪ জানুৱাৰীত উৰুকা পালন কৰাৰ পাছত ১৫ জানুৱাৰীৰ পুৱা সত্ৰৰ নৈমিত্তিক প্ৰসংগৰে পিছত পূৰ্বপৰা চলি অহা ৰীতিৰে সত্ৰৰ টুপৰ চোতালত বিৰিণাৰে সজা মেজিত অগ্নি সংযোগ কৰা হয় ৷ সত্ৰৰ টুপৰ চোতালত মেজি জ্বলোৱা সময়ত উপস্থিত থাকে বৰপেটা সত্ৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাকে ধৰি সত্ৰৰ ভকত বৈষ্ণৱ আৰু ভক্তপ্ৰাণ ৰাইজ ৷ বৰপেটা সত্ৰত মাঘৰ মেজি জলোৱা আৰু বিহু উপলক্ষে সত্ৰত সেৱা জনাবলৈ বহু ভক্তৰ সমাগম হয় ৷ পৰম্পৰা অনুযায়ী পুহৰ সংক্ৰান্তিৰ পৰা ৪ মাঘলৈ বৰপেটা সত্ৰত ৫ দিনীয়াকৈ মাঘৰ দোমাহী পালন কৰা হয় ৷ এই ৫ দিনে সত্ৰত নিত্য প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসংগ সংযোজন কৰা হয় ৷ লোক সংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিৰ সংমিশ্ৰণত সত্ৰ নগৰী বৰপেটাত ভোগালী বিহুৱে এক স্বকীয় ৰূপ ধাৰণ কৰি আহিছে ৷ সত্ৰীয়া সংস্কৃতিৰ সংযম আৰু নামৰ প্ৰভাৱে সামৰি লৈছে ভোগৰ উৎসৱ ভোগালী বিহুৰ দৰে লৌকিক উৎসৱকো ৷

সত্ৰীয়া পৰম্পৰাৰে বৰপেটাত ভোগালী বিহু উদযাপন

বৰপেটা সত্ৰত মাঘৰ পহিলা তাৰিখটো বৰদোমাহী হিচাপে পালন কৰা হয় ৷ বৰদোমাহীৰ দিনা বৰপেটা সত্ৰত ৰাতিপুৱাৰ নিত্য-নৈমিত্তিক প্ৰসংগৰ পিছত সত্ৰৰ টুপৰ চোতালত মেজি প্ৰজ্বলন কৰা হয় ৷ মেজিৰ জুই ফুৱাই লগতে সত্ৰত সেৱা জনাবলৈ পুৱাৰে পৰা সত্ৰত সমবেত হয় অগনন ভক্ত ৷ ভক্তৰ সমাগমত বৰপেটা সত্ৰৰ চৌহদ লোকাৰণ্য হৈ পৰে ৷ অগ্নিত প্ৰজ্বলিত মেজিৰ ছাঁইৰে কপালত তিলক লৈ প্ৰতিজন ভক্ত ঘৰমুৱা হয় ৷

সত্ৰীয়া পৰম্পৰাৰে বৰপেটাত ভোগালী বিহু উদযাপন

আনহাতে আজি সত্ৰত পুৱা নিত্য প্ৰসংগত ভতিমা, নাম-প্ৰসং আৰু ভাগৱত পাঠৰ পিছত নৈমিত্তিক প্ৰসংগত গায়ন-বায়নে গুৰু আসনৰ সন্মুখত গুৰুঘাট পৰিবেশন কৰাৰ পিচত আবেলি সত্ৰৰ মঠৰ চোতালত ঘোষা-কীৰ্তন, সৰু ধেমালী আৰু ব্যাস কীৰ্তন কৰা হয় ৷

লগতে পঢ়কঃ কৃষি আইন বিৰোধিতাৰে আজি দেশজুৰি কংগ্ৰেছৰ ৰাজ ভৱন ঘেৰাও

ABOUT THE AUTHOR

...view details