বৰপেটা, ৩০ মে’ :বৰপেটাত অব্যাহত আছে ভূ-মাফিয়াৰ গুণ্ডাগিৰি (Land dispute clash)৷ এইবাৰ বৰপেটা সত্ৰৰ ভূমিত ভূ-মাফিয়াৰ গুণ্ডাগিৰিৰ খবৰ পোহৰলৈ আহিছে (Land encroachment by Land mafia) ৷ চৰকাৰ, আইন, জিলা প্ৰশাসনৰ প্ৰতি কোনো কেৰেপ নকৰি মাজৰগাঁৱৰ নুৰুল আৰু চুবুৰ নামৰ দুই ভূ-মাফিয়াই বৰপেটা সত্ৰৰ ভূমিত গুণ্ডাগিৰিৰে বেদখল চলাই আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকে (Barpeta Satra land encroachment by land mafia) ৷
বৰপেটা সত্ৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ আঁতৰত অৱস্থিত মাজৰগাঁৱৰ দৃশ্যই আপোনাৰো চকু কঁপালত তুলিব ৷ স্থানীয় লোকে উত্থাপন কৰা অভিযোগ অনুসৰি বৰপেটা সত্ৰৰ প্ৰায় ১২৬ বিঘা নিস্পি খেৰাজ মাটিত নুৰুল আৰু চুবুৰৰ নেতৃত্বত চলিছে মাফিয়াৰাজ ৷ নুৰুল আৰু চুবুৰ নামৰ দুই ভূ-মাফিয়াই সত্ৰৰ সমস্ত মাটি বেদখল কৰি লৈ চলাইছে লুন্ঠন ৷ এই দুই ভূ-মাফিয়াই সত্ৰৰ প্ৰতিবিঘা মাটি একাংশ বাহিৰৰ পৰা লোকক বিক্ৰী কৰি আছে লাখ লাখ টকাত ৷ সম্প্ৰতি এই ভূমিত কাঠফুলাৰ দৰে গঢ়ি উঠিছে বেদখলকাৰীৰ ঘৰ ৷