বৰপেটা, 28 আগষ্টঃ বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া বাপজনা নৱজিৎ দাসৰ দেহাৱসানক লৈ এতিয়াও শোকস্তব্ধ পৰিৱেশে বিৰাজ কৰিছে সত্ৰনগৰী বৰপেটাত ৷ আনহাতে, তেখেতৰ মৃত্যুৰ লগতে তেখেতৰ পৰিয়ালটো সম্প্ৰতি সন্মুখীন হৈছে আন এক ভয়াৱহ সংকটৰ ৷ বিশেষকৈ ডেকাসত্ৰীয়া বাপজনাৰ চিকিৎসাৰ বাবে ঋণগ্ৰস্ত হৈ পৰা পৰিয়ালটোৱে এই বৃহৎ ধনৰাশি পৰিশোধ কৰাক লৈ চিন্তিত হৈ পৰিছে ৷
উল্লেখ্য যে, বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া নৱজিৎ দাস বাপজনাৰ বাইপাছ চাৰ্জাৰীৰ চিকিৎসাৰ ব্যয় ৰাজ্য চৰকাৰে বহন কৰাৰ কথা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কিন্তু শেষলৈকে তেখেতৰ চিকিৎসাৰ ব্যয় বহন নকৰিলে ৰাজ্য চৰকাৰে ৷ যাৰ ফলত তেখেতক মুকলি কৰি দিয়াৰ পিছতো ধনৰ অভাৱত চিকিৎসালয়ৰ পৰা উলিয়াই আনিবলৈ অসমৰ্থ হৈছিল পত্নী ৷ নাৰ্চিং হোম কৰ্তৃপক্ষৰ লগতে, ডাঃ তন্ময় দাস আৰু বিভিন্নজনৰ আৰ্থিক সহায়ত প্ৰায় 10 লাখ টকাৰ ঋণ পৰিশোধ কৰি তেখেতক ঘৰলৈ ওভটাই অনা হৈছিল ৷