বৰপেটা, 31 আগষ্ট: বৰপেটা জিলাৰ বহু কেইটা গুৰুত্বপূৰ্ণ এলেকা নৱ-গঠিত বজালী জিলাৰ সৈতে চামিল কৰা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ৰমে তীব্ৰতৰ হৈছে আন্দোলন তথা প্ৰতিবাদী সভা ৷ এইবাৰ বৰপেটা সত্ৰই গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে মন্ত্ৰী ৰণজিৎ দাসক বৰপেটাত প্ৰৱেশ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰপেটা সত্ৰই ৷ ইতিমধ্যেই বৰপেটাৰ সত্ৰসমূহৰ শাখালৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে ৷
বৰপেটা সত্ৰত অনুষ্ঠিত হোৱা এক প্ৰতিবাদী সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ প্ৰতিবাদী সমাৱেশত অংশ লৈ বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকে কয় যে এনে এখন সভাত অংশগ্ৰহণ কৰিব লগা হোৱাটোৱেই আমাৰ বাবে দুৰ্ভাগ্যৰ কথা ৷ এনেদৰে সমবেত হ’ব লাগিব বুলিও কামনা নাছিলো ৷
ঘৰখনৰ অভিভাৱকগৰাকীয়েই যদি ঘৰখনৰ অংশ এটা কাঢ়ি নিব বিচাৰে তেন্তে তেনে কাৰ্যৰ বিৰুদ্ধে কিবা এটা ব্যৱস্থা ল’বই লাগিব বুলি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক উদ্দেশ্যি ক্ষোভ উজাৰে ডেকাসত্ৰীয়া গৌতম পাঠকে ৷